Friday, May 11, 2018

ড° বিকাশ বৰুৱা চাৰ সমীপেষু




(অসমীয়া অনলাইন ব্যংগ আলোচনী 'ফটাঢোল'ৰ এপ্ৰিল-২০১৮ সংখ্যাত প্ৰকাশিত)
চাৰ, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। সৰুকালৰপৰাই আপোনাৰ লেখা পঢ়িছো, যিকেইজন লেখকৰ লেখনী পঢ়ি নিজে কিবা এটা কৰি চাওঁ বুলি চেষ্টা কৰিছিলো, তাৰ ভিতৰত আপুনিও অন্যতম। আপুনি অসমৰ সৰ্বশ্ৰেষ্ঠ ব্যংগ সাহিত্যিক সকলৰ এজন বুলি স্বীকাৰ নকৰি নোৱাৰো। কেতিয়াবা ব্যংগ লিখিবলৈ চেষ্টা কৰিলে আপোনাৰ লেখনীৰ প্ৰভাৱ নপৰাকৈ এশাৰীও লিখিব নোৱাৰো। কোনোবা আলোচনীত কেনেবাকে আপোনাৰ নামটো দেখিলে প্ৰথম আপোনাৰ লেখাটোৱেই পঢ়া একধৰণৰ নিয়ম হৈ পৰিছে। মস্তভস্কি, ক্ষুদ্ৰপভ, বমফোচ দা ব্লাফমাষ্টাৰ জাতীয় চৰিত্ৰবোৰৰ নাম; – “হেৰি নহয় বিশ্ব! শুনাচোন! বৰ বিপদ এটা হ’ল হে! মোক আৰ্জেণ্টলি বডী এটা লাগিছিল” – বুলি যমে বিশ্বকৰ্মালৈ কৰা ফোন (এই সংলাপটো আপুনি লিখা বুলি মই নেজানো, ক’ৰবাত পাইছিলো, কিন্তু এইকেইটা শাৰী আপোনাৰ বাদে কোনেও লিখিব নোৱাৰে বুলি মোৰ বিশ্বাস) এইবোৰ পাহৰিব নোৱাৰো। মানি লৈছো। কিন্তু সেইবুলি আপোনাৰ ভুল ধাৰণা, ভুল দিক-দৰ্শন, নৱ প্ৰজন্মলৈ ভুল বাৰ্তা, এইবোৰৰ প্ৰতিবাদ নকৰিলে উচিৎ হ’ব জানো? আপুনিয়েই কওকচোন চাৰ!

মই আজি আপোনাৰ কেইটামান ভুল ধাৰণা ভাঙিম। ‘যাই লাং থাকে লাং’ বুলি কলমত চিঞাহী ভৰাই জুইত সেকি গৰম কৰি লৈছো। বিহুলৈয়ো বেছি দিন নাই, কৌটিকলীয়া সংস্কৃতিটো ৰক্ষা কৰাৰ কামত লগাৰ আগতে এই দৰকাৰী কামটো কৰি লওঁ বুলি ভাৱিছো।

অহহ! ছাৰ আপুনি চাগে মোক চিনিয়ে পোৱা নাই নহয়। চৰি, আই মীন, আগতেই কৈ ল’ব লাগিছিল। বেয়া নেপাব, যিহেতু মোক প্ৰায় সকলোৱেই চিনি পায়, সমীহ কৰে, গতিকে আপুনিও পাব বুলি ধৰি ল’লো! মাই মিচটেক! আই এম চৰি!


মোৰ নাম ফটহু, আপুনি মোৰ নামটো মনত নেৰাখিলেও হ’ব। আপুনি মোক সদায় দেখিছে, সদায় লগ পাইছে। মই প্ৰতিদিনে আপোনাৰ চকুৰ আগত আছো, আপোনাক লগ পাইছো, একেলগে বাছত উঠিছো, ইলেক্ট্ৰিচিটিৰ বিল দিছো, মাছৰ বজৰাত দৰ দাম কৰিছো। আপোনাৰ সমুখতে ডেটিং মাৰিছো, ভেলেণ্টাইন ডে’ পাতিছো, এক’লেণ্ডত সাতুৰিছো। নাই বুজা, ৰ’ব চাৰ, মই কৈয়েই দিছো। মই আচলতে আপোনাৰ জাতিটোৰ প্ৰেজেণ্ট আৰু ফিউচাৰ। কিন্তু চৰি টু চে’ – আপুনি পাষ্ট, মানে অতীত। প্লীজ ডণ্ট মাইণ্ড। মই এক্সপ্লেইন কৰিম। (আপুনি আকৌ মই বেছিকৈ ইংৰাজী কওঁ বুলি কাইলে কিবা এটা নিলিখিব, মোৰ মনৰ ভাৱ বুজাবলৈ আপোনাৰ, আই মীন আমাৰ ভাষাটোত শব্দই বিছাৰি নেপাওঁচোন। প্লীজ বিয়েৰ ৱিথ মি)

এনিৱে, আগতে ক’লোৱেই চাগে আপোনাৰ লেখা মই পঢ়ো। আপোনাক ফ’ল’ কৰো। আপোনাৰ পান্সবোৰ ভাল লাগে। ইটচ ফানী য়ু ন’! কিন্তু আপোনাৰ আপত্তিবোৰ, যিবিলাকক লৈ আপুনি ব্যংগ লিখে, সেইবোৰ আপুনি কেতিয়াবা প্ৰেক্টিকেলী এনালাইছিচ কৰিছেনে? আপোনাৰ দৃষ্টিভংগী শুদ্ধ নে ভুল, নিৰপেক্ষভাৱে বিবেচনা কৰি চাইছেনে? নাই চোৱা, আই ন’!

সেইটো ভুলকে মই আজি শুধৰাম। আপোনাৰ প্ৰত্যেকটো ভুলকে আজি মই চকুত আঙুলি দি দেখুৱাম।

আপোনাৰ লেখাৰ মাজেৰে আপুনি আজি বহুদিন ধৰি এটা বিশেষ বস্তুক আক্ৰমণ কৰি আহিছে। সেইটো হ’ল এই অসম বন্ধ, চকা বন্ধবিলাক আৰু লেথাৰি নিচিগা উৎসৱ, চেলিব্ৰেচন, ফেষ্টিভেলবিলাক। অন্ধ্ৰ প্ৰদেশ নে মধ্য প্ৰদেশৰ নামৰ অনুকৰণত আপুনি অসমক বুজাবলৈ ‘বন্ধ প্ৰদেশ’ বুলি শব্দ এটাও সৃষ্টি কৰিছে। আপুনি এনেকৈ কাম বন নকৰি সকলোফালে বন্ধ কৰি ঘৰত শুই থকা কামটো বেয়া পাইছে, তাকে ব্যংগৰ মাজেৰে প্ৰকাশ কৰিছে। মই আপোনাক আজি এই বিষয়টোৰ সন্দৰ্ভত এটা নতুন পাৰ্চপেক্টিভ দিম। আপুনিও চাগে বুজি পাব।

জীয়াই থাকিবলে কাম কৰিব লাগে – আপুনি কৈছে। বন্ধ দিলে কাম ক্ষতি হয়, দেশৰ প্ৰগতি নহয়, GDP কমে, দিন হাজিৰা কৰা মানুহৰ পৰিয়াল চলাবলে উপায় নোহোৱা হয়, চৰকাৰী, ব্যক্তিগত কাম কাজ নহয়….আৰু নানান অসুবিধা। উন্নত দেশবোৰত এনে বন্ধবোৰ ভাবিব নোৱাৰা কথা। আমেৰিকাৰ দৰে ধনী দেশতো চৰকাৰী বন্ধ বছৰত পাঁচটা মানহে, বাকী সন্থা বন্ধ, সংগঠন বন্ধ, চকা বন্ধ, ৰিক্সা বন্ধ আদি কোনেও জানি শুনি নোপোৱা আজৱ কথা। কোনোবাই ইউৰোপৰ এখন চহৰত ‘চকা বন্ধ’, টায়াৰ জ্বলাই ‘ৰাষ্টা ৰোকো’ ঘোষণা কৰিলে তেওঁক পোনে পোনে মানসিক চিকিৎসালয়লৈ চালান দিয়া হ’ব, মই জানো। আপোনাৰ দুখ লাগে এইবোৰ দেখিলে, দেশখন গোল্লাই গ’ল বুলি ভাবে, ভৱিষ্যত প্ৰজন্মৰ বাবে শংকিত হয়, আৰু লগে লগে ব্যংগ লেখনী এটা লিখি দিয়ে।

কিন্তু চাৰ, প্লীজ কুল ডাওন। আপুনি ইমান টেনচন কিয় লয়? কাম নকৰিলে জাতিটো কেনেকৈ জীয়াই থাকিব বুলি? নিশ্চিহ্ন হ’ব বুলি? এতিয়া মোৰ কথা শুনক। কষ্ট কৰি জীয়াই থকাৰ যোগাৰখিনি কৰা মানৱ জাতিৰ অতীজৰ পৰম্পৰা। অতীজতে গুহাবাসী মানৱেও যাঠিত শিলৰ টুকুৰা বান্ধি, বেলাডোনাৰ নিচা খাই চিকাৰ কৰিছিল, খেতি কৰিছিল, মানে কষ্ট কৰিছিল। সেই কামটোকে আপোনাৰ জেনেৰেচনৰ মানুহখিনিয়েও কৰিছিল, তেলৰ অভাৱত নাহৰগুটি জ্বলাই পঢ়ি ডাক্তৰ হৈছিল, আই এ এচ অফিচাৰ হৈছিল। আৰু ইণ্টাৰেষ্টিং কথা তেনেধৰণৰ কাম আজিও ইউৰোপীয়ান, আমেৰিকান, চাইনীজবোৰে কৰি আছে। দিনক ৰাতি কৰি কাম কৰিছে, আৰু খাই বৈ জীয়াই আছে। য়েচ, খাই বৈ জীয়াই আছে। আৰুনো কিডাল কৰিছে? আপুনিয়ে কওকচোন চাৰ। আৰু আমি চেষ্টা কৰিছো, এই কৌটিকলীয়া প্ৰথাটো ভাঙি মানৱ জাতিক এক নতুন লেভেললৈ আগবঢ়াই নিবলৈ। সঁচা কথাটো হ’ল, মই, মানে আমি, মানে আমি এই ফটহু পাৰ্টিয়ে মানৱ বুদ্ধিমত্তাৰ আন এটা স্তৰ অতিক্ৰম কৰিছো। যিটো কথা আমেৰিকা ইউৰোপ চাইনাই আজিও চিন্তাই কৰিব পৰা নাই। মই জানো আপোনাৰ বিশ্বাস হোৱা নাই! ৰ’ব, বুজাই দিছো আপোনাক। মানৱ সভ্যতাৰ আদিতে নিয়াণ্ডেৰথেল মানৱেও দিন ৰাতি কষ্ট কৰি ভাত মোকলাইছিল, আৰু আজিও বাকীবোৰে একে উপায়েৰেই মোকলাই আছে! হয় নে নহয়! তেনে মানৱ জাতিৰ কি উন্নতি হ’ল! কিহৰ জীৱশ্ৰেষ্ঠডাল হ’ল মানুহ?

আৰু আমালৈ চাওক, আমি এনে উপায় উলিয়াইছো যাতে বছৰত ৩৫০ দিন একো কাম কাজ নকৰিলেও আমি আৰামত থাকিব পাৰো। আৰু আছোও। হিচাপ কৰি চাওক, এই বন্ধ, উৎসৱবোৰৰ কাৰণে অসমত কেইটা মানুহ খাবলৈ নেপাই মৰিছে? দিন হাজিৰা কৰা, ঠেলা ৰিক্সা চলোৱা, চবজি, মানে সেই কিযে কয় অসমীয়াত, শাক-পাচলি, য়েচ, ৰাইট, সেইবোৰ বেচা মানুহ, তেওঁলোকে খোলা থকা দিনকেইটাতে মেক- আপ কৰি দিছে নে নাই? দিন হাজিৰা চাৰে তিনিশ হৈছে নে নাই? আপুনি বাৰীত কবি পুলি লগাম বুলি আধা ইঞ্চি দকৈ কোৰ মৰা মানুহটোক সিমান টকা দিছেনে নাই? আৰু সেইখিনি দিবলৈ আপোনাক ইনক্ৰিমেণ্ট, ৰিভিজন দিয়া হৈছে নে নাই? তাৰ ওপৰত এনৰেগা আছে নে নাই? কাৰ কি প্ৰব্লেম হৈছে? আৰু চাৰ এটা কথা মনে মনে কৈ থওঁ! এই দিন হাজিৰা, ৰিক্সা- ঠেলা, খেতি বাতি এইবোৰ আচলতে হাণ্ড্ৰেড পাৰচেণ্ট ইম্পৰটেড মাল, ফেন্সিঙৰ সিপাৰৰ! এইবোৰৰ কথা বেছিকৈ কৈ থাকিলে আপোনাক ৰাইজে দেশদ্ৰোহী বুলি জুমুঠি চুমুঠি জ্বলাই দিব পাৰে। মনত ৰাখিব। আচল কথা হ’ল আমি কাম বন নকৰাকৈয়ে যদি আই পি এল, অৰ্ণৱ চাই, তৰ্ক-বিতৰ্ক কৰি, ‘এথনিক’ মাংস আৰু ফুৰ্তিপানী খাই জীয়াই থাকিব পাৰিছো তেনে আপোনাক আৰু কি লাগে? কিয় আপুনি একেৰাহে বন্ধ আৰু উৎসৱবিলাকক লৈ আপত্তি কৰি আহিছে।

বুজিছো! আপুনি ভাবিছে, এই নিষ্কৰ্মা জাতিটো ধ্বংস হ’ব! ভাষা, সংস্কৃতি, পৰিচয় নিঃশেষ হ’ব। কাম অন চাৰ, একো নহয়, ডণ্ট ৱৰী। কৈছোৱেই, আমি হিউমেন বিয়িঙৰ উন্নত প্ৰজন্ম, আমি নিঃশেষ হোৱাৰ কথাই নাহে, বৰঞ্চ পৃথিৱীৰ মানুহে এদিন আমাক ফ’ল’ কৰিব, আপুনি চাই থাকক। মই আৰু অলপ এক্সপ্লেইন কৰিছো। মানৱ সভ্যতাৰ মূল কাৰকেই হৈছে মানুহক আৰামত থকাৰ ব্যৱস্থা কৰা। হয়নে নহয়? মানুহে এসময়ত চকা আৱিষ্কাৰ কৰিছিল, এতিয়া কম্পিউটাৰ সাজিছে, কি কাৰণে? মানুহৰ কষ্ট কমাবলৈ। সেইটোৱেই মানৱ সভ্যতা বিকাশৰ মূল কাৰণ। আমি খোজ কাঢ়িলে কষ্ট পাওঁ, সেয়া লাঘৱ কৰিবলৈ মানুহে গাড়ী আৱিষ্কাৰ কৰিলে। গধূলি এনেই অলপ দোস্ত-বান্ধৱৰ লগত বহিলে ভাল লাগে, তাৰ বাবে আঙুৰ, চাউল পগাই-গেলাই আৰামদায়ক পানীয় উলিয়ালে। হিমুদাই শ্বিলঙলে গৈ কিনো যাদু কৰিলেগৈ, তাকে নিজে পইছা খৰছ কৰি তালৈ গৈ চাবলৈ কষ্ট পাওঁ, গতিকে ইটো পাৰ্টিৰ টিভি চেনেল আৱিষ্কাৰ কৰিলে। মহানগৰী গুৱাহাটীত বছৰটো গাৰ ছাল জ্বলি-পুৰি যোৱাকৈ গৰম পৰি থাকে বাবে কোনোবাই এচি বোলা বস্তু এটা ভাবি-সাজি উলিয়ালে। ঘৰৰপৰা ইমান দূৰত চাকৰি কৰি বুঢ়া আই-বোপাইৰ খবৰ ল’বলৈ বাটকুৰি বাই যাবলৈ কষ্ট হয় বাবে মোবাইল ফোন উলিয়ালে। পো-পোৱালীয়ে যৌৱন অহাৰ লগে লগে ভিতৰপকীয়া এণ্টাৰটেইনমেণ্ট বিচাৰি কষ্ট কৰিব লগা হয় বুলি ইণ্টাৰনেট উলিয়ালে। সকলো কামৰে উদ্দেশ্য কিন্তু এটাই, আৰাম। মানৱ জাতিৰ আৰাম। মানুহৰ আৰাম। সভ্যতা বোলা বস্তুটো বিকাশ (আপোনাৰ নামো বিকাশ বাৰু, সেইবুলি আপোনাৰ কথা কোৱা নাই, ডেভেলপমেণ্টৰ কথা কৈছো, সেইকাৰণেই আমি এচামিজ অলপ কম ইউজ কৰো) হোৱাৰ মূল উদ্দেশ্যই হ’ল, মানুহক আৰাম দিয়া।

চাওক চাৰ, আমি একো নতুন বস্তু উদ্ভাৱন কৰিব নাই পৰা, মানিছো, আমাৰ ইমান সময়ো নাই। কিন্তু আৰামত থাকিবলৈ ব্যৱস্থা এটাতো কৰিছো। আৰু দিনে ৰাতিয়ে কাম কৰিলে মানুহ আৰামত থাকিব পাৰে নেকি? আমি আৰামত থাকিবলৈ চেষ্টা কৰিছো, আৰু বিন্দাছ আছোও? আমি মানৱ সভ্যতা বিকাশৰ মূল কাৰণটো ধৰি ৰাখি তাক সঠিক দিশে আগুৱাই নিবলৈ চেষ্টা কৰিছো। আপুনি তাত আপত্তি কিয় কৰিব লাগে? আৰু আপুনি বাৰে বাৰে ইউৰোপ, আমেৰিকা, তামিলনাডু, গুজৰাটৰ লগত আমাক কিয় তুলনা কৰে? তাৰ মানুহে গাধ খাটন দি দুবেলা দুমুঠি খাইছে, আমি ঠেঙৰ ওপৰত ঠেং তুলি খাইছো। কিন্তু খাই আছোতো। সেই নিয়াণ্ডাৰথেল যুগৰ চিষ্টেম মনা মানুহক আপুনি ভাল বোলে, আৰু আমাৰ দৰে উন্নত স্পেছিছক বেয়া বোলে। এয়া কেনে কথা?

দ্বিতীয়তে, আপুনি আমাৰ এই চান্দা তোলা ব্যৱস্থাটো বেয়া পায়, আপুনি দীৰ্ঘদিন ধৰি ব্যংগৰ মাজেৰে আপত্তি কৰি আহিছে। কোনোবাই বহী এখন লৈ আপোনাৰ ঘৰলৈ আহিলেই আপুনি পিছদিনা এহালিচা লিখি পেপাৰ মেগাজিত প্ৰকাশ কৰে। আমি বুজি পাওঁ চাৰ, পোনে পোনে নক’লেও, আপুনি যে চান্দা ব্যৱস্থাটো বেয়া পাই, তাৰ প্ৰমাণ আপোনাৰ লিখনীৰ মাজৰ খালি ঠাইবোৰত আছেই। আপুনিও অস্বীকাৰ কৰিব নোৱাৰে।

আপুনি আচল কথাটো বুজা নাই, সেয়ে বেয়া পাই আছে। চাওক চাৰ, আমি আপোনাৰ ওচৰলে চান্দা বহীখন লৈ যাওঁ, আপোনাৰপৰা পইচা বিচাৰি নহয়। প্ৰকৃততে আমি আপোনাক আমাৰ এটা মহান মিছনৰ সংগী কৰিবলৈহে যাওঁ। আপোনাৰপৰানো আমি কেইটা টকা চান্দা লওঁ? দুশ, চাৰিশ, এহেজাৰ, দুহেজাৰ? সেইকেইটা পইচাকে আপুনি বৰ বুলি ভাবিছে, জাতিটোৰ সন্মান, ভৱিষ্যতৰ বিষয়ে আপুনি এবাৰো ভাবি চোৱা নাই? চাৰ, আমি অতিথিপৰায়ন জাতি, আপুনি জানেই। আমি সকলোকে দুবাহু মেলি আঁকোৱালি লওঁ। তাৰে সুবিধা লৈ কিছুমান বহিৰাগতই আমাক লুণ্ঠন কৰি আহিছে, আমাৰ সম্পদ-বিপদবিলাকৰপৰা ভাবিব নোৱাৰাকৈ পইচা ঘটিছে। চান্দা হ’ল আমাৰ প্ৰতিশোধ, জাতিৰ স্বাভিমানৰ প্ৰশ্ন। সেই লুণ্ঠনকাৰীবিলাকক ৰিভাৰ্চ লুণ্ঠন কৰাই আমাৰ মূল উদ্দেশ্য। আমি তেওঁলোকৰপৰা লাখত টকা লওঁ, মাহে মাহে লওঁ, আমাৰ পৰা লুণ্ঠন কৰা ধন আমি যিমান পাৰো আকৌ ঘূৰাই আনো। আপোনাৰপৰা লোৱা দুহেজাৰ টকা আচলতে আমাৰ সন্ধিয়া বহি পৰিকল্পনা কৰিবলৈকে নাটে। চাৰ, আপুনিও এই মিছনৰ অংশীদাৰ হোৱা উচিত। জাতিৰ সন্মানৰ বাবে আপুনি এইকণ ত্যাগ কৰিবলৈ প্ৰস্তুত থকা উচিত। কিন্তু তাৰ বিপৰীতে আপুনি কি কৰি আছে চাওকচোন? চান্দা লোৱা বেয়া কাম বুলি আপুনি জনমানসত প্ৰতিষ্ঠা কৰিবলৈ আহোপুৰুষাৰ্থ কৰি আছে। এনে জাতিদ্ৰোহী কাম আপোনাৰপৰা আশা কৰা নাছিলো আমি।

আৰু বহুত কথা আছে, নকওঁ। কিন্তু এটা কথা নক’লে আধৰুৱা হ’ব। এই যে আমাৰ বাটপথবোৰত গাত-গুটলি আছে, সেইবোৰ কেতিয়াও মেৰামতি কৰা নহয়, মানুহৰ পৰি দাঁত ভাঙে, সেইকথাটো লৈ আপুনি আজি বহুদিন ধৰি আপত্তি কৰি আহিছে। আপত্তি কি, আপুনি আচলতে আমাক ইনচাল্টেই কৰি আহিছে বুলিব লাগিব। মই এতিয়াও বুজা নাই, ভগা ৰাস্তা বুলিলে আপোনাৰ ইমান আপত্তি কিয়? মই আপোনাক দুটামান প্ৰশ্ন কৰিম।

মানুহৰ জীৱনেই অনিত্য, অসাৰ। তেনে মানুহে সজা পকা ৰাস্তা এটা কেনেকৈ চিৰস্থায়ী হ’ব, ভাঙিবই। আকৌ সাজিম, আকৌ ভাঙিব, আকৌ সাজিম। আমাৰ ভাৰতীয় দৰ্শনে কি কয়? বাৰে বাৰে মৰা আকৌ উপজা, আকৌ মৰা এইবোৰ ভগৱানৰ মায়াৰ খেলা। মানৱ জীৱনটোৱেই ভঙা-গঢ়াৰ খেল। সেই দৰ্শনকে আগত ৰাখি আমি ক্ষণভংগুৰ ৰাষ্টা-ঘাট নিৰ্মাণ কৰো। সাধাৰণ ইতৰ নৰ মনিচলৈ এটা মেচেজ যায়, চা বেটা- এই ৰাস্তাটো যেনেকে দুমাহতে নাইকিয়া হৈ গ’ল, তয়ো এদিন গুল হৈ যাবি। বেছি অহংকাৰ নকৰিবি, নিজকে চিৰস্থায়ী বুলি নেভাবিবি।

এই দাৰ্শনিক তত্ত্বৰ উপৰিও ভঙা ৰাস্তাৰ আৰু এটা উপকাৰ আছে। আপুনি ডাক্তৰ মানুহ, আপুনি অস্বীকাৰ কৰিব নোৱাৰে আমাৰ আজিকালিৰ প্ৰায়বোৰ অসুখেই লাইফ ষ্টাইল ডিজিজ। বেছি আৰাম কৰাৰ বাবেই আমাক প্ৰেছাৰ, চুগাৰে জ্বলাকলা কৰে। কিন্তু আৰামতো কৰিবই লাগিব, আৰাম কৰাই মানৱ সভ্যতাৰ উদ্দেশ্য বুলি বুজালোৱেইচোন। আকৌ আৰাম কৰিলে বেমাৰ হয়, সেইটোও সঁচা। আমি কোনটো পথ ল’ম? আপুনি ভাল পোৱা পৃথিৱীৰ তথাকথিত উন্নত জাতিবোৰে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে? নোৱাৰে। কিন্তু আমি পাৰিম।

আপুনি জানেই, লাইফ ষ্টাইল ডিজিজৰপৰা মুক্তি পোৱাৰ এটাই উপায়, এক্সাৰচাইজ, কচৰৎ। কিন্তু কচৰৎ কৰিবলৈ সময় কাৰ ওচৰত আছে? গতিকে আপুনি আহোঁতে যাওঁতে, উঠোতে, বহোতে যাতে এনিটাইম আপোনাৰ বডীৰ এক্সাৰচাইজ হৈ থাকে, সেই কথা নিশ্চিত কৰিছো আমি এই ভগা ৰাস্তাবোৰৰ যোগে। আমাৰ বাটেৰে আধাকিলোমিটাৰ বাট গাড়ী চলাই যাওক চাৰ, দুহেজাৰ কেলৰি খৰছ নহ’লে মই এই দেশ-জাতি-মানৱ প্ৰেমৰ চাকৰি বাদ দিম।


আৰু বেছি আলোচনা নকৰো, আপুনি ইতিমধ্যে আপোনাৰ ভুলবিলাক বুজি উঠিছে বুলি আমি নিশ্চিত। আচলতে আপোনাৰ দৰে জনাশুনা মানুহে বিষয়টো এনালাইছিচ নকৰাকে ওপৰে ওপৰে চাই কাট মাৰি থাকিলে আমি মনত আঘাত পাওঁ, মানুহেও আমাক ভুল বুজে। কিন্তু সাধাৰণ মানুহে বা আপুনি নজনা কথাটো হ’ল, আমাৰ প্ৰতিটো কামৰ পিছতে এক সুচিন্তিত, সুনিয়ন্ত্ৰিত পৰিকল্পনা থাকে। গতিকেই আজি আমি মনুষ্য জাতিৰ শ্ৰেষ্ঠ চেম্পল হিচাপে পৰিগণিত হ’বলৈ গৈ আছো।

শেষত আপোনাক বৈপ্লৱিক অভিনন্দন জনালো, আশাকৰো আপুনি আমাৰ উদ্দেশ্য বুজি আমাৰ মিছনত সহযোগিতা কৰিব

No comments:

Post a Comment