Friday, October 12, 2018

তথ্যসূত্ৰ


যিকোনো বিষয়ৰ ওপৰতে বিজ্ঞানসন্মত আলোচনা বা প্ৰৱন্ধত সকলোতকৈ জৰুৰী বস্তুটো হ'ল ৰেফোৰেন্স বা তথ্যসূত্ৰ। সৰুতে আমাক শিকাইছিল, ৰচনা লিখোতে যিমানে "উদ্ধৃতি" দিব পাৰিবি সিমানে বেছি নম্বৰ পাবি। বৰ বেছি প্ৰসংগ সংগতি বিছৰা নাছিলো, কেৱল ৰচনাখনৰ লগত মিলিব পৰা দুটামান শব্দ উদ্ধৃতিত থাকিলেই হ'ল। হোৱাই নোহোৱাই মূল গধূৰ লেখক এজনৰ দুই এটা বক্তব্য উৰ্ধকমাৰ মাজত লিখি দিছিলো, লাভ হৈছিল, এক আদ হ'লেও বেছি নম্বৰ আহিছিল। আজিও কিবা এটা লিখিব খুজিলে লগে লগে ইণ্টাৰনেট চাৰ্চ, এই বিষয়ত কোনে কি কৈছিল? মোৰ এতিয়াও গুগল চাৰ্চ অব্যহত আছে, চাৰ্চ বাৰত লিখিছো-  

" How important is reference to an Article"

লিখা মেলাৰ কথা বাদেই, অফিচৰ নোটশ্বিটটো কোনোবাই কৰবাত দি যোৱা বক্তব্য, মেনুৱেল বিলাকত লিখা থকা দুটা শাৰী, আগতে কৰা কামৰ ৰেফাৰেন্স, অথৰিটি মিনিষ্ট্ৰীৰ গাইডলাইন আদি কিবা কিবি লিখিব পাৰিলেই বৈতৰণী পাৰ বুলি ধৰিব পাৰি। গুগল অহাৰ পৰা অফিচৰ কামত বৰ সুবিধা হৈছে। 

=বৰাপ্ৰেমাখ্যান=

ওলাইছেহি আহি এজন ঢুলীয়া জোখৰ,
আহিয়েই দিছে এচাট গেমেহা চাপৰ; 

নামটো আকৌ হিমন্তৰ ওচৰ পাজৰৰ,
নকলেও জনাই জানে নগাঁৱত ঘৰ। 

সৰুৰে পৰাই তেৰাৰ আছিল বেমাৰ ছালৰ,
নকও বাৰু সেই কথা হব গৰবৰ!

কামে কাজে শণিগুটি, বুদ্ধিত তীখৰ,
তেতেলীয়াৰ কলসী খোৱাত প্ৰতিভা প্ৰখৰ। 

কলেজ পায়ে বৰাৰ চিঙিল এৰাল গলৰ,
'পতামেই এজনী' বুলি কৰে প্ৰতিজ্ঞা অলৰ। 

হেন্দিক, কটন আৰু যত গাৰ্লচ কলেজৰ,
পদূলি শুঙি কটাই দিলে দুই চাৰি বছৰ।

ইম্প্ৰেছ কৰো বুলি আপী নতুন বেটচৰ,
দিনে ৰাতিয়ে লয় তেও ক্লাছ গীটাৰৰ। 

হঠাত এদিন মিলন হ'ল দুই নয়নৰ,
দুপাৰ ভাঙি বৈ গ'ল নদী মৰমৰ। 

খালি কৰি 'আৰ্চিজ' গেলেৰী পানবজাৰৰৰ,
ৰূমত আনি সজালে পাহাৰ গ্ৰীটিংচ কাৰ্ডৰ। 

পৰীক্ষাত দিনে বাঢ়ি যায় সংখ্যা বেকৰ (BACK),
হলেও হেনো বৰাৰ প্ৰেম অজৰ অমৰ। 

ভৰষা জানো আছে পিছে মানৱ মনৰ,
প্ৰেমিকাই পাই গ'ল আমেৰিকা থকা বৰ।

প্ৰেম সাগৰ শুকাই ওলাল খৰাং বালিচৰ,
চিঙি গ'ল তাঁৰডালি হৃদয় চেতাৰৰ;

পিছে চেলুট কৰিব লাগে তেওৰ সাহসৰ,
ভকতহে নহয় তেও হাৰমনা ঘৰৰ;  

দুদিন মাথো খালি কৰি বটল ৰামৰ,
লাগি গ'ল তেও সন্ধানত নতুন প্ৰচপেক্টৰ।

চিগাৰেট এটা জ্বলাই লৈ চিতাত প্ৰেমৰ,
লিখি ল'লে প্ৰেমপত্ৰ তেজেৰে নিজৰ।

টু হুম ইট মে' কনচাৰ্ণ, সোণজনী মৰমৰ,
লিখি ৱালত লগাই দিলে ছোৱালী হোষ্টেলৰ। 



প্ৰফাইল বিচাৰ (সংকলন আৰু সম্পাদনা) - (ফটাঢোল আলোচনীৰ 'জুলাই-২০১৭ সংখ্যাত প্ৰকাশিত)

আগতে কোৱা গৈছিল- “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”; কিন্তু আজিকালি এই বাক্যটো – “আপোনাৰ ফেচবুক প্ৰফাইলেই আপোনাৰ পৰিচয়”- বুলি ক’লেহে যথোপোযুক্ত হব বুলি ভাৱ হয়। চৰিত্ৰ বিচাৰৰ এই নব্য-ধাৰাৰ লগত সংগতি ৰাখি এই ফটাঢোলৰ পৃষ্ঠপোষক সকলে কম্পিউটাৰ প্ৰগ্ৰেমৰ জৰিয়তে ফে’চবুক প্ৰফাইল বিশ্লেষণৰ বাবে প্ৰচেষ্টা চলাই আহিছে। যি কোনো ব্যক্তিৰ ফেচবুক প্ৰফাইলৰ লিংকটো এই ছফটৱেৰে পোৱাৰ লগে লগে – সেইজনাৰ ইতিবৃত্ব, চৰিত্ৰ, স্বভাৱ, বেকগ্ৰাউণ্ড আদি সকলো ফটফটীয়াকৈ ওলিয়াই পেলায়।
এই ছফটৱেৰৰ সহায়ত বিশ্লেষণ কৰে কেইটামান প্ৰফাইল বিচাৰ এই শিতানত সন্বিৱিষ্ট কৰা হৈছে।

(বি. দ্ৰ. :- কানি মুণি বাই বাই, কাৰোবাৰ গাত লাগিলে আমাৰ গাত দোষ নাই, সকলো দোষ সেই ছফটৱেৰটোৰ)

অতিথি নং ১:- শ্ৰী ডেমকেয়াৰ দত্ত

মহাপলায়ন পৰ্ব (ফটাঢোল আলোচনীত ধাৰাবাহিক ভাৱে প্ৰকাশিত পূৰ্ণাংগ হাস্য উপন্যাস)

প্ৰথম খণ্ড

আগকথা:

আগকথাৰ আগৰখিনি নকওঁ, এই আগকথা আচলতে শেষ পৰ্বৰহে আগভাগ… বিগিনিং অৱ দি এণ্ড। এণ্ড অৱ দ্যা বিগিনিঙলৈকে সকলোৱে জানেই। গতিকে মোৰ আৰু পাঠকৰ সময় নষ্ট নকৰোঁ। আগকথাখিনিও অলপ খৰধৰ কৰিম, কাৰণ পিছকথাখিনিত বহু কাহিনী আছে।

ফেচবুক মহাসমৰত জোলোকা জোলোকে পানী খাই গোৰ হাৰণ খোৱাৰ পাছত ফটাঢোলৰ মানুহবিলাকৰ মৰেল একেবাৰে ডাউন হৈ গ’ল। তেওঁলোকে নিজে কৰা ভুল মৰ্মে মৰ্মে উপলব্ধি কৰিলে আৰু অনুশোচনাৰ অগ্নিয়ে তেওঁলোকৰ দেহ মন অনবৰত দহন কৰিবলৈ ধৰিলে। এই যন্ত্ৰণাৰ পৰিত্ৰাণ কি? কি তেওঁলোকে মৃত্যুৰ পাছত অনন্ত কাল ৰৌ ৰৌ নৰকত পচিব লাগিব? এই মহাপাপৰ প্ৰায়শ্চিত্ত কি? প্ৰশ্নবোৰে তেওঁলোকক দিনে ৰাতিয়ে পিছ নেৰা হ’ল। তিল তিলকৈ তেওঁলোকৰ দেহ মনৰ সকলো শক্তি কমি আহিবলৈ ধৰিলে। এই সংসাৰ, এই ফেচবুক সকলো অনৰ্থক মায়াৰ খেলা বুলি তেওঁলোকে অনুভৱ কৰিলে।

কিন্তু ইয়াৰপৰা পৰিত্ৰাণৰ উপায় কি? কোনে দিব তেওঁলোকক উদ্ধাৰৰ উপায়? সকলো দিশতে বিচাৰ খোচাৰ কৰা আৰম্ভ হ’ল।

তেওঁলোকৰ ভাগ্য ভাল আছিল। তেওঁলোকৰ অন্বেষণে তেওঁলোকক কলিযুগৰ শ্ৰে‍ষ্ঠতম জ্ঞানী পণ্ডিত, শাস্ত্ৰ বিশাৰদ, জ্যোতিষশ্ৰাস্ত্ৰবিদ, ধৰ্মযাজক, সমাজ সংস্কাৰক এজনৰ শ্ৰীচৰণত উপনীত কৰালেগৈ (মহাপুৰুষ জনাৰ নাম লোৱাৰপৰা বিৰত থাকিলোঁ, হ’ল বুলি আৰু ইমান পোনে পোনে নিজৰ প্ৰশংসা কৰিব নোৱাৰি নহয়)। এদিন তেওঁলোক সকলোৱে একেলগে সেই মহাজ্ঞানী পণ্ডিতক লগ কৰিবলৈ মনস্থ কৰিলে।

Thursday, October 11, 2018

আলিবাটটো - (মাৰ্চ -২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

আমাৰ গাঁৱৰ ঘৰৰ আগেদি এটা কেঁচা আলি আছিল, একা বেঁকাকৈ যোৱা আলিটোৱে কেইবাখনো গাঁও চুই গৈছিল। মূল বাটৰ পৰা সোমাই বহুদূৰলৈকে মানুহৰ ঘৰ নাছিল, দুইফালে কেৱল ধাননি পথাৰ। বাৰিষা দুইকাষৰ পথাৰবোৰ পানীৰে চপচপীয়া হৈ পৰিলে আলিটো ৰূপত বন্ধা সেউজীয়া মণি এধাৰ এটা যেন লাগিছিল। তথাপিও দূৰৰ গাঁৱৰ পৰা স্কুলত কলেজত পঢ়িবলৈ অহা ছোৱালীবোৰে কিন্তু পথাৰৰ মাজৰ ‘শ্বৰ্টকাট’ বাটটো এৰা নাছিল। চেণ্ডেলযোৰ হাতত লৈ মেখেলা কোঁচাই সিপাৰৰ গাঁওখনৰ পৰা পথাৰৰ বোকা পানী ফালি আহিছিল। আলিটো পোৱাৰ পাছত পথাৰৰ পানীৰে ভৰি ধুই চেণ্ডেলজোৰ পিন্ধি লৈছিল। খেতিয়কৰ ঘৰৰ ছোৱালী আছিল সেইবোৰ, বোকা পানীলৈ ভয় নকৰিছিল। আমাৰ বাবে বৰ আকৰ্ষণীয় দৃশ্য আছিল সেইটো, মেখেলা কোঁচাই স্বচ্ছ পানীৰ মাজেৰে দপদপাই অহা ছোৱালীবোৰ। নিষিদ্ধ জগতখনৰ সৈতে প্ৰথম পৰিচয়।

কাচপিঠীয়া আলিটো ঘাঁহেৰে ভৰা আছিল, মাজতে এটা সৰু বগা লোৰ। ঘাঁহ মৰি নাইকীয়া হৈছিল লোৰটোত, সেয়া চাইকেল চলোৱা বাট। লোৰটো কেতিয়াবা ইমানেই দ’ হৈ পৰিছিল যে চাইকেলৰ চকা তাৰ পাৰত লাগিলে আৰোহী লুটিখাই পৰাৰ সম্ভাৱনা আছিল। লোৰটোৰ মাজেৰে চাইকেলখন পোনাই লৈ যোৱা নশিকাৰুবোৰৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল।

সাক্ষাৎকাৰ অৱ নগেন (জুন-২০১৮ সংখ্যা 'ফটাঢোল' ত প্ৰকাশিত)

এই পৰী বোলা ছোৱালীজনী ভাল নহয়। সেইদিনা খবৰ এটা লওঁ বুলি তেখেতৰ অফিচলে গ’লো; বঢ়িয়াকৈ চাহ মিঠাই খুৱাই, মিঠা মিঠা কথা কৈ মোক ফচাই দিলে নহয়, বোলে এই সংখ্যা আলোচনীৰ বাবে সা‍ক্ষাৎকাৰ মই লৈ দিব লাগিব। মই চালে বেৰে কোবাই নাই নুই কৰি চালো, পিছে তেওঁ নাচোৰবান্দা। মোক তামাম জেক মাৰিলে,বোলে মই হেনহে, তেনহে, মই নকৰিলে এইটো কাম কোনেও কৰিব নোৱাৰে। মই বুজি পালো যে মোৰ পৰা কাম উলিয়াবলৈ জেক মাৰি আছে। কিন্তু শেষত গৈ না কৰিব নোৱাৰিলোগৈ। এনেও সুন্দৰী মহিলাক না কোৱাৰ অভ্যাস মোৰ কস্মিন কালেও নাছিল। কিন্তু যেতিয়া সা‍ক্ষাৎকাৰ ল’ব লগা মানুহজনৰ নাম ক’লে, মোৰ ফাঁটমেলা বসুমতী পাতালে লুকাওঁ অৱস্থা হ’ল। সেইজন মানুহৰ সা‍ক্ষাৎকাৰ ল’ম আৰু মই? হে ভগৱান!মোৰ মাতেই নোলাব দেখোন মুখৰ পৰা! এনে বিশাল ব্যক্তিত্বৰ আগত মোৰ পেণ্ট গিলা হৈ গ’লে ৰিস্ক কোনে ল’ব? পিছে পৰীয়ে নেৰে, “নাই আপুনি পাৰিব, পাৰিবই লাগিব। আলোচনীৰ ইজ্জতৰ কথা আছে।
উপায় নেপাই মৰণত শৰণ দি কেনেবাকৈ ইণ্টাৰভিউটো ল’লোগৈ। সঁচা কৈছো, মোৰ সকলো সপোন যেনেই লাগি আছে, মই যে সেইজন মানুহৰ আগত ঠিয় হৈ কথা পাতিব পাৰিলো, সেয়াই মোৰ বাবে বহুত।
তো, মিত্ৰৌঁ, ভায়োঁ ঔৰ ওনকী বেহেনো- এইবাৰ আপোনালোকৰ আগলৈ আগবঢ়াইছো অসমৰ কিংম্বদন্তী লিখক, সাংবাদিক, কবি, গীতিকাৰ, সুৰকাৰ, ঠিকাদাৰ, কম্পিউটাৰ এক্সপাৰ্ট, সুদক্ষ ভাৱৰীয়া, বিপ্লৱী, প্ৰেমিক, চিত্ৰকাৰ, অহহ… সমাজসেৱকটো থাকি গৈছিল………আৰু ধেৰ কিবা কিবি ……………… …………….
শ্ৰীনগেন!!

জম্বি বিহু ( জুন-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

কিছুবছৰ আগৰ কথা। অসমীয়া চিত্ৰজগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ (বিহু ভিচিডিত অতিকৈ জনপ্ৰিয়) আমাৰ পৰিয়ালটোৰ সৈতে চিনাজনা আছে- মোৰ শ্ৰীমতীৰ তেওঁ বৰ ভাল বান্ধৱী। সেই সূত্ৰে আমাৰ মূল ঘৰলৈয়ো অহা-যোৱা আছে। তেওঁ ভ্ৰাম্যমান থিয়েটাৰ বা আন তেনে অনুষ্ঠানৰ বাবে যোৰহাট বা ডিব্ৰুগড়লৈ গ’লে আমাৰ ঘৰলৈ বা মোৰ শহুৰৰ ঘৰলৈ আহে, কেতিয়াবা থাকেও। অভিনেত্ৰী গৰাকী প্ৰকৃত নামতকৈ তেওঁৰ এখন হিট ভিচিডিৰ নামেৰেহে বেছি জনপ্ৰিয়। ধৰি লোৱা হ’ল তেওঁৰ জনপ্ৰিয় নামটো ৰুণজুণ।

সেইদিনা আমি ডিব্ৰুগড়ত মোৰ শহুৰৰ ঘৰত আছিলো, বিহু ফাংচনৰ বতৰ। হঠাত ৰুণজুণে ফোন কৰিলে বোলে – তেওঁৰ ডিব্ৰুগড়ৰ ওচৰে-পাঁজৰে ক’ৰবাত কিবা অনুষ্ঠান এটা আছে। তেওঁ 'ৰাজধানী' ট্ৰেইনত গুৱাহাটীৰ পৰা আহি আছে, আৰু ৰাতিটো থাকিব। আমিও তেওঁৰ লগত যাব লাগিব, কাৰণ ফাংচন হোৱা ঠাইডোখৰ তেওঁ চিনি নেপায়। আমাৰ ভালেই লাগিল।

ৰুণজুণ আহি পালে, খোৱা বোৱাৰ পাছত মই সুধিলো
- "তুমিনো বিহু ফাংচনত কি কৰিবা? বিহুৰ ফাংচনত গান আদিহে হয়। তুমি চিনেমাৰ ‘ডাইলগ’ শুনাবা নেকি?"

চাইকেল (আগষ্ট-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

প্ৰথমতে অদ্ভুত মেচেজটো দেখি কাৰোবাৰ ধেমালি যেনেই লাগিল,


“Please look out for a half open Post Box.”


কি আচৰিত মেচেজ! গুৰুত্ব নিদিওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু তাৰপাছত একেটা মেচেজকে বাৰে বাৰে অহা দেখি অলপ গুৰুত্ব সহকাৰে ল’বলৈ বাধ্য হ’লোঁ। হোৱাটচ এপতো আহিছে। একেটা মেচেজকে আহি আছে, সদায়। পুৱা সাত বজাত অৱধাৰিতভাৱে মেচেজটো আহে, পঠাওঁতাৰ নাম  বা নম্বৰ একোৱে দেখা নেযায়।  কোনোবাই কিবা হেকিং কৰাৰ চেষ্টা কৰিছে নেকি? মোক হেকিং কৰি কি পাব কোনে? কিয় কোনোবাই মোৰ পিছত লাগি সময় নষ্ট কৰিব? আৰু কি অদ্ভূত অনুৰোধ! আজিকালিও আৰু ক’ৰবাত পোষ্ট বক্স আছেনে? মই ওচৰ পাজৰৰ ঠাইবোৰ মনত পেলালোঁ, নাই কোনো পোষ্ট বক্স দেখা মনত পৰা নাই। কি হৈছে এইবোৰ? কাকো ক’বও নোৱাৰোঁ। মই বদনামী মানুহ, এইবোৰ কথা কৈ আৰু এবাৰ বদনাম হ’বলৈ ইচ্ছা নাই মোৰ। মেচেজটোৰ কথা পাহৰিবলৈ চেষ্টা কৰোঁ, কিন্তু মনৰপৰা আঁতৰাব নোৱাৰোঁ, নতুনকৈ ৰঙা ৰং কৰা পোষ্ট বক্স এটা মোৰ চকুত ভাঁহি থাকে।


আজি ৰাতিপুৱা আকৌ একেটাই মেচেজ! কিন্তু মই যে পাগল হোৱা নাই, সেয়া ঠিক। কাৰণ বাকী কামবোৰ মই একেবাৰে ঠিক ঠাক কৈ কৰি আছোঁ। অফিচলৈ গৈছোঁ, বজাৰ কৰিছোঁ, খাইছোঁ, শুইছোঁ। মোৰ পৰিয়াল বা অফিচৰ মানুহবোৰৰপৰা সাধাৰণতে পাই থকা উপেক্ষাখিনিৰ বাদে অদ্ভূত একো হোৱা নাই। তেন্তে এয়া কি? কোনোবাই মোৰ লগত উপহাস কৰিছে নিশ্চয়, কাৰণ বাকী মানুহবোৰৰ মোৰ সৈতে কৰিব লগা সেইটো কামেই বাকী আছেগৈ এতিয়ালৈ।

সফল ব্যৱসায়ী শ্ৰীঅলকেশ ভাগৱতীৰ জীৱনৰ এটা দিন (চেপ্টেম্বৰ-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

অসমীয়া মানুহে হেনো ব্যৱসায় কৰিব নাজানে, বা জানিলেও নকৰে। সঁচাকৈয়ে চাবলৈ গ’লে ব্যৱসায়ৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। আজিও সাধাৰণ অসমীয়া লোকসকলে নিজৰ সন্তানক ডাঙৰ হৈ ভাল ব্যৱসায়ী হ’ব বুলি আশা নকৰে। ঐতিহাসিক ভাৱে অসমীয়াসকলে ব্যৱসায়ক গুৰুত্ব নিদিয়া বাবে, অসমীয়াই কেতিয়াও ব্যৱসায়িক নেটৱৰ্ক এটা গঢ়ি তুলিব নোৱাৰিলে। আৰু অনভ্যাসৰ বাবেই অসমীয়া লোকৰ ব্যৱসায় বুদ্ধি একেবাৰে সীমিত হৈ থাকি গ’ল বুলি ক’লেও ভুল নহ’ব।

কিন্তু এই প্ৰতিকূল পৰিবে‍শৰ মাজতো, দুই এজন অসমীয়া লোকে ব্যৱসায়ৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰাই নহয়, উদ্ভাৱনীমূলক ব্যৱসায় বুদ্ধিৰে প্ৰতিষ্ঠিত ব্যৱসায়ীসকলৰ লগত সমানে খোজ দি ধনৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ তেনে এজন উদীয়মান, প্ৰতিভাবান আৰু সফল ব্যৱসায়ী, শ্ৰীঅলকেশ ভাগৱতীৰ সৈতে।


উজনি অসমৰ এখন অখ্যাত ঠাইত জন্ম লাভ কৰা ভাগৱতী পঢ়াত মধ্যমীয়া আছিল যদিও তেখেতৰ তীক্ষ্ণ বুদ্ধিৰ বাবে সৰুকালতেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়চোৱাত তেওঁ উচ্চশিক্ষাৰ বাবে গুৱাহাটীলৈ আহে আৰু নিজৰ অজ্ঞাতসাৰেই ব্যৱসায়ৰ জগতখনত সোমাই পৰে। আৰু কালক্ৰমত তেওঁ ব্যৱসায়ত দোপত দোপে আগুৱাই যায়, আৰু আজি আমি পাঠকক জনাবলৈ পাই সুখী হৈছোঁ যে, আজিৰ তাৰিখত ভাগৱতীৰ নামী বেনামী মিলাই মুঠ সম্পত্তিৰ পৰিমাণ চাৰিশ কোটিতকৈয়ো বেছি।

ভয় (অক্টোবৰ-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)



বিকট শব্দৰে এলাৰ্মটো বাজি উঠাত বিছনাতে জপিয়াই উঠিলো, চেহ! বহুত দেৰি হৈ গ’ল নেকি? এলাৰ্মটো বা কেইবজাত লগোৱা আছিল! পুৱা দহমিনিট পলম হৈ গ’লেই সকলো খেলিমেলি হৈ যায়। ভয় লাগিল। ভয় লগা দিন এটা আকৌ আৰম্ভ হ’ল।

মূৰটো অলপ ঘুৰোৱা যেন লাগিছে। কি হ’ল আকৌ? প্ৰেছাৰটো ঠিকেই আছিল। পিছে এই পুৱাৰ সময়খিনিত প্ৰেছাৰ বাঢ়ি যায়, ষ্ট্ৰ’কবোৰ প্ৰায় এই সময়তে হয়। হে ভগৱান, তেনে কিবা এটা হ’লে কি হ’ব? নমৰিলেও পেৰেলাইছিচ হয়েই দেখোন! মই খোজ কাঢ়িব নোৱাৰা হ’লে, নিজৰ একান্ত ব্যক্তিগত কামকেইটা নিজে কৰিব নোৱাৰা হ’লে মোৰ কি হ’ব? মোৰ পৰিয়ালটোৰ কি হ’ব? ভয়ত বুকু কঁপি উঠিল।

ভয়ে ভয়ে বিছনাৰপৰা নামিলো, ইফালে পাকঘৰত কাম কাজ আৰু মুখ সমানে চলি আছে, বনকৰা মানুহজনী হয়তো অহা নাই আজি। সেয়ে শ্ৰীমতীৰ খঙে মূৰৰ চুলিৰ আগ পাইছেগৈ। এওঁৰ খংটো আজিকালি বৰ বেছি হৈছে, কিবা থাইৰইড-চাইৰইডে পাইছে নেকি? তেওঁৰ তেনে এটা অসুখ হ’লে আমাৰ ঘৰখন কি হ’ব? বৰ ভয়ৰ কথা। আৰু কামকৰা মানুহজনীৰ কি হ’ল? এন আৰ চিত কিবা খেলি মেলি লাগি আছে বুলি শুনিছিলো, ক’ৰবালৈ গুচিয়েই গ’ল নেকি? এস্! তাই নাইকিয়া হ’লে বৰ বিপদৰ কথা হ’ব। আজিকালি কাম কৰা মানুহ পোৱাটো কিমান যে সমস্যা। ভয় লাগিল, যদি তাই জানি শুনিয়েই পলাই গৈছে, তেনে তাইতো ঘৰৰ কিবা বস্তু চুৰি কৰিও নিব পাৰে। আমাৰ ইহঁতসোপা যিয়ে অসাৱধান! ভয় লগা কথা এইবোৰ। আকৌ কাম বন নাইকিয়া হ’লে তাই ডকাইত-চোৰৰো লগ লাগিব পাৰে, তাই আমাৰ ঘৰৰ তলানলা সকলো জানে। ৰাতি যদি বন্দুক লোৱা ডকাইত লৈ আহি যায়, কি হ’ব? মোৰ ভয়তে বুকু কঁপি উঠিল।

Friday, May 25, 2018

অসমৰ সংকটাপূৰ্ণ ভাষাসমূহ (সাহিত্য ডট অৰ্গ অক্টোবৰ -২০১৬) প্ৰকাশিত


ইউনেস্ক’ৰ অনুমান মতে বৰ্তমান প্ৰচলিত ৬০০০ কথিত ভাষাৰ ভিতৰত আধাখিনি এই শতিকাৰ শেষলৈ বিলুপ্ত হ’বগৈ৷ এই ভাষাসমূহৰ বিলুপ্তিৰ লগে লগেই হেৰাই যাব এই ‍ভাষাসমূহৰ মাজত সোমাই থকা অসাধাৰণ বৈশিষ্টমূলক সংস্কৃতিক সম্পদৰ লগতে অমূল্য প্ৰকৃতিপ্ৰদত্ত জ্ঞান৷
পিছে এই বিলুপ্ত হোৱাৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে প্ৰাকৃতিক বুলিয়েই কব পাৰি৷ মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা কিছুমান নতুন ভাষাৰ জন্ম হৈ আহিছে আৰু পৰ্যায়ক্ৰমে কিছুমান ভাষা বিলুপ্তও হৈ গৈ আছে৷ কিন্তু আজিকালি মানৱ সভ্যতাৰ বিকাশে এনে এক পৰ্যায় পাইছেগৈ, এতিয়া আৰু নতুন ভাষাৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে শেষ হৈ আহিছে, আনকি প্ৰচলিত ভাষা সমূহৰ ব্যৱহাৰো কিছু কিছু ক্ষেত্ৰত কম হৈ আহিছে৷ উদহৰণ স্বৰূপে তথ্য প্ৰযুক্তিৰ কথালৈয়ে আঙুলিয়াব পাৰি৷ আজি আমি এৰাব নোৱাৰা হৈ পৰা তথ্য প্ৰযুক্তিৰ বিশাল ক্ষেত্ৰখনত কেৱল ইংৰাজী ভাষাহে এতিয়ালৈকে ব্যৱহাৰ হয়, গতিকে আনবোৰ ভাষাৰ গুৰুত্ব কমি যোৱা স্বাভাৱিক৷ তাতে আকৌ আজিকালি সৰু সৰু স্বতন্তৰীয়া সমাজবোৰ নাইকিয়া হৈ এক বৃহৎ সমাজব্যৱস্থা গঢ়ি উঠাৰ লগে লগে মানুহৰ বাবে নিজৰ থলুৱা ভাষাতকৈ সংযোগী ভাষাবোৰৰহে প্ৰয়োজন বৃদ্ধি পাই আহিছে৷

অসমৰ বিদেশী সমস্যাটো: -এটি পুনৰাৱলোকন ( সাহিত্য ডট অৰ্গ নৱেম্বৰ ২০১৫ সংখ্যাত প্ৰকাশিত)


শিৰোনামটো দেখিয়ে পাঠকৰ অলপ ঋণাত্মক ধাৰণা হব, এইবুলিয়েই যে, এইটো হয়তো, অসমীয়াত যোৱা দুটামান দশকৰ আটাইতকৈ বেছিকে ব্যৱহাৰ হোৱা প্ৰৱন্ধৰ শিৰোনাম, অলপ সালসলনিৰে সৈতে৷ এই প্ৰৱন্ধত কোনো নতুন আৱিষ্কাৰ কৰা হোৱা নাই, আচলতে আৱিষ্কাৰ কৰিবলৈয়ো সুৰুঙাও নাই৷ প্ৰৱন্ধৰ উদ্দেশ্য কেৱল ’বেক টু ডা বেছিকচ’ ..মূল ধাৰণাখিনিৰ ওপৰত আকৌ এবাৰ আলোকপাত কৰা৷ আমি প্ৰায়ে কৰা এটা ভুল হ’ল- আমি প্ৰমাণ আৰু তথ্যৰ ওপৰত ইমান নিৰ্ভৰশীল হৈ যাও যে, প্ৰায়ে আমাৰ মূল লক্ষ্য বা কাৰণসমূহ কালক্ৰমত আচুতীয়া হৈ পৰেগৈ৷ দুই তিনিটা মান সৰু ডাঙৰ আন্দোলনত ভাগ লোৱা অভিজ্ঞতাৰ পৰা ইমানখিনি কব পাৰোঁ যে- কোনোবাই যদি সকীয়াই থাকে যে “এইটোহে তোমাৰ কাম, এই কাৰণেহে তুমি যুঁজি আছা“- শুনিবলৈ ভাল নেলাগিলেও, বা আমি চোন জানোৱেই বুলি ভাব হ’লেও- কামটো বৰ অপ্ৰয়োজনীয় নহয়৷ পাঠকসকলৰ লেখাটি সেই দিশৰ পৰাই গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ৷
অসমীয়া কোন, বিদেশী কোন?

Friday, May 11, 2018

ড° বিকাশ বৰুৱা চাৰ সমীপেষু (এপ্ৰিল-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)




(অসমীয়া অনলাইন ব্যংগ আলোচনী 'ফটাঢোল'ৰ এপ্ৰিল-২০১৮ সংখ্যাত প্ৰকাশিত)
চাৰ, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। সৰুকালৰপৰাই আপোনাৰ লেখা পঢ়িছো, যিকেইজন লেখকৰ লেখনী পঢ়ি নিজে কিবা এটা কৰি চাওঁ বুলি চেষ্টা কৰিছিলো, তাৰ ভিতৰত আপুনিও অন্যতম। আপুনি অসমৰ সৰ্বশ্ৰেষ্ঠ ব্যংগ সাহিত্যিক সকলৰ এজন বুলি স্বীকাৰ নকৰি নোৱাৰো। কেতিয়াবা ব্যংগ লিখিবলৈ চেষ্টা কৰিলে আপোনাৰ লেখনীৰ প্ৰভাৱ নপৰাকৈ এশাৰীও লিখিব নোৱাৰো। কোনোবা আলোচনীত কেনেবাকে আপোনাৰ নামটো দেখিলে প্ৰথম আপোনাৰ লেখাটোৱেই পঢ়া একধৰণৰ নিয়ম হৈ পৰিছে। মস্তভস্কি, ক্ষুদ্ৰপভ, বমফোচ দা ব্লাফমাষ্টাৰ জাতীয় চৰিত্ৰবোৰৰ নাম; – “হেৰি নহয় বিশ্ব! শুনাচোন! বৰ বিপদ এটা হ’ল হে! মোক আৰ্জেণ্টলি বডী এটা লাগিছিল” – বুলি যমে বিশ্বকৰ্মালৈ কৰা ফোন (এই সংলাপটো আপুনি লিখা বুলি মই নেজানো, ক’ৰবাত পাইছিলো, কিন্তু এইকেইটা শাৰী আপোনাৰ বাদে কোনেও লিখিব নোৱাৰে বুলি মোৰ বিশ্বাস) এইবোৰ পাহৰিব নোৱাৰো। মানি লৈছো। কিন্তু সেইবুলি আপোনাৰ ভুল ধাৰণা, ভুল দিক-দৰ্শন, নৱ প্ৰজন্মলৈ ভুল বাৰ্তা, এইবোৰৰ প্ৰতিবাদ নকৰিলে উচিৎ হ’ব জানো? আপুনিয়েই কওকচোন চাৰ!

মই আজি আপোনাৰ কেইটামান ভুল ধাৰণা ভাঙিম। ‘যাই লাং থাকে লাং’ বুলি কলমত চিঞাহী ভৰাই জুইত সেকি গৰম কৰি লৈছো। বিহুলৈয়ো বেছি দিন নাই, কৌটিকলীয়া সংস্কৃতিটো ৰক্ষা কৰাৰ কামত লগাৰ আগতে এই দৰকাৰী কামটো কৰি লওঁ বুলি ভাৱিছো।

অহহ! ছাৰ আপুনি চাগে মোক চিনিয়ে পোৱা নাই নহয়। চৰি, আই মীন, আগতেই কৈ ল’ব লাগিছিল। বেয়া নেপাব, যিহেতু মোক প্ৰায় সকলোৱেই চিনি পায়, সমীহ কৰে, গতিকে আপুনিও পাব বুলি ধৰি ল’লো! মাই মিচটেক! আই এম চৰি!

বুৰঞ্জীৰ প্ৰশ্নকাকত ফাদিল (মে' ২০১৮ সংখ্য 'ফটাঢোল'ত প্ৰকাশিত_


(অসমীয়া অনলাইন হাস্য-ব্যংগ আলোচনী 'ফটাঢোল'ৰ মে'-২০১৮ সংখ্যাত প্ৰকাশিত) 

সংশ্লিষ্ট সকলোকে জনোৱা হয় যে,বহু কষ্টৰ মূৰত আমি ২২১৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া বুৰঞ্জীৰ প্ৰশ্নকাকতখন ফাদিল কৰিবলৈ সক্ষম হৈছোঁ,লগত উত্তৰবিলাকো লিখি উলিয়াইছোঁ ৷ আমাৰ এই প্ৰচেষ্টাই পৰীক্ষাৰ্থীসকলক সহায় কৰিব বুলি আমি নিশ্চিত ৷ কেৱল কথাটো লুকুৱাই ৰখা হয় যেন৷ পুলিচ,চিআইডিয়ে গম পালে আমাৰ এই মহান উদ্দেশ্য বিফল হ’ব৷

বিষয়ঃ- বুৰঞ্জী আৰু সাধাৰণ জ্ঞান

প্ৰশ্ন ১:- ১৯৫০ চনৰ পৰা ২০৫০ চনলৈ এই শতিকাটো অসম বুৰঞ্জীত কি বুলি কোৱা হয়, আৰু কিয়? বহলাই লিখা।

Tuesday, February 20, 2018

ফটহুৰ আত্মজীৱনী- (অক্টোবৰ-২০১৭ 'ফটাঢোল'ত প্ৰকাশিত)



নমস্কাৰ! মোক দেখি চিনি পাইছেই নহয় আপোনালোকে? তথাপিও পৰিচয়টো দি দিছো, মোৰ নাম ফটহু ফটাঢুলীয়া৷ এই যে আপোনালোকে কিবা কিবি কৰি জনাই নজনাই এখন আলোচনী উলিয়াইছে; আলোচনী চুপাৰ হিট হৈছে, কাৰ বাবে? এই ফটহুৰ বাবে৷ হয়নে নহয়? মই যিদিনাৰ পৰাই আপোনালোকৰ এই ফে’চবুক গ্ৰুপত ভৰি দিছোঁ, সেইদিনাৰ পৰাই আপোনালোকৰ জয়জয় ময়ময় হৈছে৷ এইকথা আপোনালোকে স্বীকাৰ নকৰিব পাৰে, কিন্তু মই জানো৷ আচলতে এই ফটহুৰ ’মিডাচ টাচ্চ’ৰ কামালয়েই সকলো৷ আপোনালোকৰ বহুতে ভাবে, ফটহু ৰিতুপৰ্ণ বৰাৰ মানসপুত্ৰ, তেৱেঁ মোক সৃষ্টি কৰিছে৷ অ’ হেল’উ! মই খোদ নিজে সৃষ্টি হৈছোঁ৷ মোক না কোনোবাই সৃষ্টি কৰিব পাৰে, না ধ্বংস৷ মই এই জন্ম, মৃত্যু, সৃষ্টি ধ্বংসৰ লেভেলৰ মানুহ নহয়েই৷ কথাবোৰ আপোনালোকে যিমান সোনকালে বুজি পাই সিমানেই মংগল৷

-“ৱেইটাৰ! আঠটা লাৰ্জ পেগ এটা বাল্টিত ঢালি পানী নিদিয়াকৈ লৈ আহা..কুইক! “
অঁ, মই কি কৈ আছিলো, য়েচ… মোৰ কথাই ক’ম অফ ক’ৰ্চ! কিন্তু দুখৰ কথা কি জানে? আপোনালোকে মোক চিনি পাই, ..মানে পাইছে .. কিন্তু আপোনালোকে মোৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু বংশগৌৰৱ- মোৰ পৰিয়ালৰ বিষয়ে একো নেজানে..আৰু জানিবলৈ চেষ্টাও কৰা নাই৷ হোৱাই? কিয়? এইটো কথাতে মোৰ অলপ দুখ লাগে!

কিন্তু আপোনালোকে নিবিচাৰিলে বুলিয়েই মই নক’ম নেকি? ফটাঢোল কোবোৱা মোৰ সাংবিধানিক মৌলিক অধিকাৰ৷ গতিকে মই ক’মেই ক’ম৷ আপোনালোকে পঢ়িলে পঢ়িব, নপঢ়িলে নাই৷ মোৰ কি আহে যায়? কিন্তু মই গেৰাণ্টি দি ক’ব পাৰোঁ, মোৰ আত্মজীৱনী পঢ়িলে আপনালোকৰ বুকু গৰ্বত উফন্দি উঠিব, গৰিলাৰ দৰে বুকুত চপৰিয়াই ক’ব পাৰিব, এয়া চোৱা আমাৰ ফটহু!

আপুনি বুদ্ধিজীৱী হ’ব খোজে নেকি? AKA Buddhijivee for Dummies (ফটাঢোল জানুৱাৰী ১৮ সংখ্যা)

আপুনি বুদ্ধিজীৱী হ’ব খোজে নেকি? বিচাৰে নেকি যে আপুনি প্ৰতিটো চেনেলৰ,
প্ৰতিটো টিভি শ্ব’তে আমন্ত্ৰিত হওক, অসমৰ ৰাইজে আপোনাৰ কথা ধ্ৰুৱসত্য বুলি ধৰি লৈ আনকি নিজৰ প্ৰাণো দিবলৈ সাজু হওক। মনুষ্য জাতিয়ে ভাবিবপৰা সকলো বিষয়তে আপোনাৰ বিদগ্ধ পাণ্ডিত্য দেখি ৰাইজৰ চকু অমৰাগুটীয়া হওক। টিভিৰ নিউজ মুখফটা এংকৰসকলকো আপুনি বাকপটুতাৰে বাকৰূদ্ধ কৰি দিয়ক। আপোনাৰ বাবেই চেনেলৰ টি আৰ পি বাৰিষাৰ দিনত লাইজাবৰি শাক বঢ়াদি বাঢ়ক। আপোনাৰ চহৰৰ সকলো সভা সমিতিতে আপুনি বিশিষ্ট অতিথি হওক, উপদেষ্টা হওক, আপোনাক ‘বিগ বজাৰত’ দেখিলে দুই এক সুন্দৰী মহিলা আহি আপোনাৰ লগত উপযাচি চিনাকী হওক। বাতৰি কাকত, আলোচনীয়ে- চাৰ, আপোনাৰ লেখা এটা লাগিবই, আমাক নিৰাশ নকৰিব কিন্তু বুলি দিনে তিনিবাৰ ফোন কৰক?

নিশ্চয় বিচাৰে। আপুনি নিবিচাৰে বুলি ক’লেও আমি বুজি পাইছো- আপুনি মিছা কথা কৈছে। একো বিশেষ প্ৰতিভা নথকাকৈ বা, বিশেষ কোনো ৰিস্ক নোলোৱাকৈ ‘চেলিব্ৰিটি’ হ’বলৈ আপোনাৰো মন আছে।

কঙালী (ফটাঢোল, অসমীয়া হাস্য ব্যংগ আলোচনীৰ ফেব্ৰুৱাৰী ২০১৮ সংখ্যাত প্ৰকাশিত)

গোটেই ৰাতিটো সাৰে আছিল সি, বৰ কষ্টেৰে। পিছে পুৱতি নিশা তাক কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলে সি গমেই নেপালে। ভেলাঘৰত  এইবাৰ সি প্ৰথম নিশা কটাইছে, শিশুৰ পৰা যুৱক হোৱাৰ প্ৰথম ঢাপ। পিচে তাৰ কুমলীয়া দেহাই মনৰ সমানে দৌৰিব পৰা নাই।

হঠাৎ প্ৰচণ্ড উঁকিৰ শব্দত সি খকমকাই উঠিল, লগৰবোৰে ইতিমধ্যে নদীখনৰ ফালে দৌৰ মাৰিলেই! ঘোঁপ মৰা এন্ধাৰ খিনি অলপ পাতল হ’লেও কুৱলীৰ ঢাকনি খোল খোৱাই নাই। টোপনিৰ জালত কোন ফালে কি একো বুজিব নোৱাৰিলেও গাত থকা এড়িয়া চাদৰ খন পেলাই সিও সকলোৰে পিছে পিছে লৰ ধৰিলে। ঢিলা হাফপেণ্টটো এখন হাতেৰে টানি ধৰি সি দলটোৰ প্ৰায় মাজভাগ পালেগৈ। তাৰ দৰে নতুন ডেকা কেইবাটাও আছে, গোটেইকেইটাই প্ৰায় সপোনতে যোৱা দিয়েই গৈ আছে।

= লেখকৰ ইমেজ=




অসমত আন যিয়েও নহওক, যিখিনি মানুহে লিখা মেলা কৰে, তেওলোকৰ  এটা সুকীয়া সন্মান আছে! আৰু সেইকাৰণেই সাধাৰণ পাঠকে তেওলোকৰ পৰা আশাও বেছিকৈ কৰে। জাতিটোৰে হওক, ব্যক্তিগতই হওক, বিপদৰ সময়ত এই মানুহখিনিয়ে কিবা এটা পথ দেখুৱাব বুলি ভাৱে। আন বৃ্ত্তিত জড়িত লোকসকল বহু অভিজ্ঞ বা পাৰ্গত হলেও, ইমানখিনি সন্মান সহজে নেপায়। সেয়ে হয়তো  অসমৰ প্ৰায়বিলাক প্ৰখ্যাত লোকেই নিজৰ লেখনিৰ মাজেৰে মানুহৰ ওচৰ চাপিবৰ চেষ্টা কৰে, লাগিলে তেও আন কোনো ক্ষেত্ৰৰে লোক হওক।  


অসমীয়া জাতিয়ে প্ৰায় সদায়ে ভুগি থকা সমস্যাবোৰৰ অন্যতম হ’ল লীডাৰশ্বিপ বা নেতৃত্বৰ অভাৱৰ সমস্যাসদায়েই দিকদৰ্শণ দিয়া মানুহৰ অভাৱ, আদৰ্শ হিচাপে লব পৰা মানুহৰ অভাৱ। তাৰ ওপৰিও আজি পৰ্যন্ত অসমত আন আন ক্ষেত্ৰ বিলাকত বিশ্বসভাত প্ৰতিষ্ঠিত লোকৰ সংখ্যা নিচেই সীমিত।  ক্ৰীড়া, শিল্প,  ৰাজনীতি, ব্যৱসায়, বিজ্ঞান, প্ৰশাসন, শিক্ষাব্যৱস্থা আদি  যিকোনো বিষয়তে বিশ্বমানৰ প্ৰতিষ্ঠা লাভ কৰা মানুহৰ সংখ্যা নগন্যই বুলিব লাগিব। অপ্ৰিয় হলেও এই কথাটোৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ মাজৰ পৰা শচীন টেণ্ডুলকাৰ, অমিতাভ বচ্চন বা লতা মাংগেশকাৰ ওলোৱা নাই। ভূপেন হাজৰিকাক বাদ দিলে সৰ্বভাৰতীয় খ্যাতিৰ লগতে অসমত সৰ্বাত্মক জনপ্ৰিয়তা থকা লোকৰ কথা পটকৈ মনত নপৰে। তাৰ কাৰণ হয়তো বহুতো আছে, কিন্তু সেয়া এই আলোচনাৰ বিষয় নহয়।