Thursday, December 14, 2017

=খেতিৰ দিহা = আগষ্ট সংখ্যা ফটাঢোল ই আলোচনীত প্ৰকাশিত

অসমৰ কৃষি ক্ষেত্ৰখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কৃষক ৰাইজে তেজক পানী কৰি শ্ৰম কৰে কিন্তু উৎপাদনৰ উচিত মূল্য নেপায়। কিন্তু আমি অলপ চেষ্টা কৰিলেই এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰো। এই ৰচনাত কৃষক ৰাইজৰ সহায়ৰ অৰ্থে কেইবিধ মান জনপ্ৰিয় শস্যৰ খেতিৰ সমস্যা বিলাক, তাৰ সমাধানৰ উপায় আৰু সামগ্ৰিক ভাৱে কৃষি পদ্ধতিটোৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হব বুলি আশা কৰিব পাৰি।
 
ধান খেতি:- যিহেতু ধানেই অসমৰ প্ৰধান কৃষিজাত উৎপাদন, গতিকে ধানৰ খেতিৰ ওপৰত এই ৰচনাত বি‍‍শেষ গুৰুত্ব দিয়া হৈছে। ধানৰ খেতি প্ৰায় সকলো কৃষকেই কৰে, আৰু ধান খেতিৰ উৎপাদনে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সুদুৰ প্ৰসাৰী প্ৰভাব পেলায়। ধানখেতিৰ আৰম্ভৰ পৰা মানে প্ৰথম আওচটো মৰাৰ পৰা ধান ৰুই -দাই, মিলত খুন্দাই, ৰান্ধি মাছে মঙহে খোৱালৈকে, বিভিন্ন পৰ্যায়ত নানান সমস্যাই কৃষক ৰাইজক অসুবিধাত পেলায়। এই সমস্যাবিলাক উল্লেখ কৰাৰ লগতে ইয়াৰ সমাধানৰ উপায়সমূহ তলত দিয়া হৈছে। ধানখেতিৰ সময়ত কৃষকে সন্মুখীন হোৱা কেইটিমান সমস্যা হ’ল এনেধৰণৰ,
 
সীমা ঠেলাঃ- এইটো এক জটিল সমস্যা। কৃষক এজনে হাল-কোৰ লৈ পথাৰ পায়গৈ মানে কাষৰীয়া জনে হাল বাই আলি তুলি শেষেই কৰে। আৰু সাধাৰণতে এই আলিবোৰ নিজৰ মাটিৰ ফালে ছয় ইঞ্চিমান খহাই, কাষৰ জনৰ ফালে সিমান মাটি জাপি দি বন্ধা হয়। থপথপীয়া বোকাৰে ভৰা আলিটোৰ আচল অৱস্থান জনা প্ৰায় অসম্ভৱ হৈ পৰে। যিজনেই প্ৰথম আলি বান্ধে, তেও এইদৰে সীমা ঠেলাতো প্ৰায় নিয়মেই বুলিব পাৰি।
 
এই সমস্যাৰ দুটা সৰল সমাধান আছে। এক, আপুনি সকলোতকৈ প্ৰথমতে আলি বান্ধিবলৈ চেষ্টা কৰিব, আপোনাৰ মাটিডৰাৰ চাৰিওকাষে এফুট আধাফুট মাটি বঢ়াই আলি মাৰিব। ইয়াৰ ফলত আপোনাৰ মাটিলৈ কোনেও সীমা ঠেলিব নোৱাৰিব, লগতে আপোনাৰ কৃষিভূমিৰো সম্প্ৰসাৰণ হব। অন্যথা আপুনি উগ্ৰপন্থাও গ্ৰহণ কৰিব পাৰে, আপোনাৰ মাটিৰ সীমা ঠেলাজনক পথাৰতে হালোৱা এচাৰিৰে অঘৈয়াকৈ কোবাই দিব পাৰে। তেতিয়া আনসকলেও ভয়তে আপোনাৰ সীমাত হাত নিদিয়ে। এই দ্বিতীয় উপায়টো অলপ ‘ৰিস্কী’ হলেও বেছি জনপ্ৰিয়। কেৱল পুলিচ কাছাৰীলৈ যাব লগা হ’লে অলপ সাচতীয়া ধন খৰছ হব পাৰে।
 
চৰকাৰী বীজঃ- আপুনি যদি সঁচাকৈয়ে খেতি কৰিব বিছৰা নাই, এনেই ‘টাইম পাছ’ কৰি আছে, তেন্তে আপুনি চৰকাৰে দিয়া বিনামূলীয়া উন্নত মানৰ বীজ ব্যৱহাৰ কৰিব পাৰে। এই বীজ বিলাকৰ বিশেষত্ব হ’ল- এইবিলাক কেতিয়াও নগজে। কেতিয়াবা ভুলতে এটা দুটা গজিলেও তাত ধান একেবাৰে নেলাগে। এনে বীজৰ ব্যৱহাৰে আপোনাৰ মাটিৰ উৰ্বৰতা ৰক্ষাত সহায় কৰে। যিহেতু ধান নগজেই, গতিকে মাটিৰ সাৰ খাব কোনে? তাৰোপৰি ধানৰ ঠাইত হোৱা বনৰীয়া ঘাঁহ বন বোৰ আপুনি বাৰিষাৰ দিনকেইটাত গৰু-গাইক খুৱাব পাৰে।
 
হালৰ গৰুঃ- ভাল এহাল হালৰ গৰু ধান খেতিৰ বাবে বৰ প্ৰয়োজনীয়। পিছে বছৰটো গৰুহালক বহুৱাই বহুৱাই খুৱাই থকা বৰ বিৰক্তিকৰ কাম। গতিকে খেতিটো যেনেতেনে শেষ হোৱাৰ দিনাই গৰুহাল পানীৰ দামত বিক্ৰী কৰি দিয়া আৱশ্যক, লাগিলে কিনোতাজন বাংলাদেশ এক্সপৰ্টাৰেই হওক। পিছৰ বছৰ আকৌ খেতিৰ আগে আগে বিছগুণ মান দাম দি নতুন গৰু এহাল কিনি লব লাগে। সাধাৰণতে এই দামৰ পাৰ্থক্যটো আপোনাৰ খেতিৰ সমুদায় আয়তকৈ বেছি হয় যদিও, এনেদৰে খেতি কৰিলে বৰ আৰামত থাকিব পাৰি।
 
হালোৱা আৰু ৰোৱনী/দাৱনীঃ- ডাকৰ বচনত যদিও কুঁহিয়াৰ খেতিহে কঠিন বুলি কৈ গৈছে, আচলতে ধানৰ খেতি কৰাহে বেছি টান। আপোনাৰ যদি ‘সাত-পো বাৰ নাতি’ নাই, তেন্তে আপুনি ধান খেতি কৰিবলৈ আগ নবঢ়াই ভাল। কাৰণ আজিকালি কতো কোনো হালোৱা বা ৰোৱনী বিচাৰি পোৱা নেযায়। এনৰেগা আৰু বি পি এল চাউলৰ কৃপাত আপুনি খেতিত হাজিৰাৰ বিনিময়ত সহায় কৰি দিবলৈ মানুহ এটা নেপায়। ইয়াৰ প্ৰতিৰোধমৰ্মে খেতিয়ক ৰাইজে এসোপামান ল’ৰা ছোৱালী জন্ম দিবলৈ চাব পাৰে। কিন্তু সাৱধান হোৱা উচিত যে ল’ৰা-ছোৱালীবোৰৰ এটায়ো যাতে স্কুলৰ দুৱাৰদলি গচকি নেপায়। এবাৰ স্কুলৰ ফালে মুখ কৰিলেই আপোনাৰ খেতি পথাৰ চন পৰিব, হাল-কোৰ বোৱা নেলাগে, তেওলোকে আপোনাৰ মাটিৰ চাৰিসীমাই চিনি নোপোৱা হব।
 
পোক পতংগ নিবাৰণ আৰু সাৰ প্ৰয়োগঃ- এইখন জঞ্জালৰ মাজত কেনেবাকৈ পথাৰত ধান কেইডাল গজিলেই তাত নানান পোক পতংগৰ উৎপাত আৰম্ভ হৈ যায়, আৰু আপোনাৰ ধান কেইডালিও ‘কলিতে মৰহি যায়’। ইয়াৰ প্ৰতিৰোধ কল্পে আপুনি ৭০ বিধ মান কীটনাশক দৰৱ বিভিন্ন অনুপাতত পানীত মিহলাই আপোনাৰ ধাননি দৰাত হকে বিহকে চটিয়াই থাকিব। চাব যাতে অকল পোকেই নহয়, ওচৰ পাজৰে থকা সকলো প্ৰাণী, চৰাই চিৰিকতি, গৰু-ছাগলী আদিও দৰৱৰ কোবত মৰি যায়। আপোনাৰ লগতে সমগ্ৰ ধাননি দৰাত মাছ- ভেকুলী এটাও জীয়াই থকা আপোনাৰ বাবে বিপদৰ কথা।
 
সেইদৰে আপুনি ৰাসায়নিক সাৰ ঢালিবলৈয়ো পিছ নুহুহোকিব, নাম জনা সকলো সাৰ যিমান পাৰে সিমান আপোনাৰ ধাননিত দি থাকক। তেতিয়াহে আপোনাৰ খেতি দৰা লহপহীয়া হৈ উঠিব।
 
এই পতংগনাশক আৰু সাৰ বিলাক নিজৰ ঘৰত দমে দমে জমা কৰি ৰাখিব। কেতিয়াবা আপোনাৰ বা পৰিয়ালৰ আন কাৰোবাৰ ‘চুইচাইড’ কৰিবলে মন গ’লে ইয়াৰে এবিধৰ অলপ খাই দিলেই সহজতে কাম সমাধা হব।
 
ধান চুৰিঃ- কৃষক বন্ধুসকলে নিশ্চয় জানে, আজি কালি ৰাতিটোৰ ভিতৰতে আনৰ পকা ধান দাই নি নিজৰ ভড়াল সুমুৱা লোকৰ অভাৱ নাই, বৰঞ্চ এটা নিয়মৰ দৰেই হৈছেগৈ। এই সমস্যা সমাধান কৰিবৰ বাবে বহুলোকে ৰাতি ৰাতি নিজৰ ধাননি পহৰা দিয়া প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু এই পহৰা দিয়া ব্যৱস্থাটো আৰু বেছি উৎপাদনক্ষম কৰি তুলিবলৈ হ’লে আপুনিও নিজে সেই কৰ্মত আগভাগ লব পাৰে। সীমা ঠেলাৰ সমস্যাটোৰ দৰে আনে আপোনাৰ ধান চুৰি কৰাৰ আগতেই আপুনি আনৰ ধান দাই আনি নিজৰ ঘৰ সুমুৱাৰ চেষ্টা কৰা প্ৰয়োজন। যিহেতু ধান ৰখিবলৈ আপুনি টোপনি ক্ষতি কৰিবই লাগিব, গতিকে সেইকণ সময় উপযুক্ত ভাৱে ব্যৱহাৰ কৰি আপোনাৰ উৎপাদন দুগুণে বঢ়াব পাৰিব।
 
পাৱাৰ টিলাৰঃ- আজিকালি ধানখেতিৰ আটাইতকৈ ‘হেপেনিং’ বস্তুটো হ’ল পাৱাৰ টিলাৰ। এইখনৰ দাম বহুত বেছি যদিও, চৰকাৰে আত্মসহায়ক গোট আদিক বহু পৰিমাণে ‘ডিছকাউণ্ট’ দিয়ে। গতিকে নিজাকৈ এখন পাৱাৰ টিলাৰ লবলৈ বিচাৰিলে আপুনি প্ৰথমতে এটা গোট তৈয়াৰ কৰক, আপোনাৰ অঙহী-বঙহী আদিৰেই গোটটো নিৰ্মাণ কৰিব পাৰিলে বেছি ভাল। কিন্তু উপায় নেপালে ওচৰৰ কেইজন মান লোকক লৈয়েই গোটটো গঢ়ি লওক। ইয়াৰ বাবে আপুনি দুশখন মান মিটিং কৰিব লাগিব, আৰু সেইকেইদিন আপুনি ‘গোট’ৰ নামত উৰুলিপুঙা হৈ ঘৰৰ কাম কাজলৈ পিঠি দিয়া প্ৰয়োজন। গোটটো হোৱাৰ পাছত নিজৰ মাজত অলপ পইচা তুলি চৰকাৰী আচনিৰ পৰা এখন পাৱাৰ টিলাৰ লওক।
 
গোটৰ নামত ‘পাৱাৰ টিলাৰ’ খন আহি পোৱাৰ পাছৰখিনিয়েই অতি গুৰুত্বপূৰ্ণ সময়। আপুনি ভালকৈ চিন্তা-চৰ্চা কৰি, উপায় উলিয়াই গোটটোৰ মাজত কাজিয়া লগাই দিয়ক, নিজেও এই কাজিয়াত আগভাগ লব। শেষত ইজনে সিজনক দেখিব নোৱাৰা হ’লে আপুনি তেওলোকৰ ভাগৰ পইচাখিনি ঘুৰাই দিম বুলি কৈ ‘পাৱাৰ টিলাৰ’ খন নিজৰ কৰি লওক। তেওলোকৰ পইচাখিনি আপুনি পিছে পৰে আৰামত দি থাকিব বা ইচ্ছা কৰিলে নিদিবও পাৰে।
 
লিখনিটো অত্যধিক দীঘল হোৱাৰ আশংকাত ধানখেতিৰ কথা ইমানতে সামৰি আন আন কৃষিৰ কথা আলোচনা কৰা যাওক। অসমৰ ৰাইজে সাধাৰণতে ধানৰ ওপৰিও বিভিন্ন শাক-পাচলি আদিৰ খেতি কৰে, খেতি বিলাকতো তেওঁলোক নানান সমস্যাৰ সন্মুখীন হয়। প্ৰথমতে ঘৰতে খাবলৈ কৰা শাক-পাচলিৰ কথালৈ অহা যাওক।
 
গৰম অলপ কমাৰ লগে লগে এই খেতিৰ পৰিকল্পনা আৰম্ভ কৰিব। এই সময়চোৱাত আপুনি ঘৰলৈ অহা আলহী, প্ৰতিবেশী বা বিয়াই সবাহে লগ পোৱা লোকৰ আগত আপোনাৰ ৰবিখেতিৰ দক্ষতা আৰু সফলতা এগুণত দহগুণ কৰি বখানি থাকিব, উদাহৰণ স্বৰূপে আপুনি পোন্ধৰ কেজি ওজনৰ ৰঙালাও, দুফুট ব্যাসৰ বন্ধাকবি আদিৰ কথা কব পাৰে। লগতে যে আপোনাৰ ঘৰৰ খেতিৰেই পঞ্চাশ ঘৰ মান মানুহে শাক পাচলি নিকিনাকৈ চলিল সেই কথা কবলৈ নাপাহৰিব।
 
সকলোকে ন দি কব যে আপুনি শাক পাচলিত গোবৰৰ বাদে আন একো সাৰ ব্যৱহাৰ নকৰে, কিন্তু প্ৰকৃততে খেতি কৰাৰ সময়ত আপুনি সকলো কীটনাশক আৰু ৰাসায়নিক সাৰ হেপাহ পলুৱাই দিবলৈ কুণ্ঠাবোধ নকৰিব।
 
বীজঃ- এই খেতিৰ বাবে আপুনি গোটেই বছৰটো বীজ সংগ্ৰহ কৰি থাকিব লাগিব, কাৰোবাৰ ঘৰত কিবা ভাল গছ এডাল দেখিলেই যেনেতেনে আপুনি তাৰ বীজ সংগ্ৰহ কৰি আনিব। পিছে এই আপুৰুগীয়া বীজবোৰ ঘৰ আহি পাই হেৰাই থাকিলেও কোনো সমস্যা নাই। শেষত আপুনি দেওবৰীয়া বজাৰত আটাইতকৈ বিশ্বাসী বেপাৰীজনৰ পৰা বিভিন্ন ‘ইচপিচিয়েল’ বীজ বা পুলি কিনি আনিব। মনত ৰাখিব এই ‘ইচপিচিয়েল’ বীজবোৰ আচলতে সাধাৰণ বীজেই, আপুনিহে অলপ ‘ইচপিচিয়েল’। কিনি অনা পুলিবোৰ এমাহমান পানী-পোতাত পেলাই ৰাখি একেবাৰে শুকাই খৰখৰীয়া মৰাৰ আগে আগে লৰালৰিকৈ ৰুই পেলাব লাগে।
 
কোৰ মৰা মানুহঃ- এইটো বৰ্তমান অতি দুষ্প্ৰাপ্য প্ৰাণী। গতিকে সপ্তাহ-দহদিন পুৱা চাৰি বজাতে উঠি বাটত খাপ পিতি ৰৈ থাকিলে তাৰে এজনক ধৰি আনিব পাৰিব। সেইজনাৰ লগত দিনটো লাগি থাকি আপুনি আপোনাৰ মাটিডৰা জাবৰে-জোঁথৰে এক ইঞ্চিমান দ কৈ কোৰ মৰাই লব। মাটিখিনি চপৰা চপৰ হৈ থাকিলে ভাল। আপুনি নিজে কেতিয়াও কোৰ নেমাৰিব, আপোনাৰ আলসুৱা দেহাই দুখ পাব পাৰে।
 
কোৰ মৰা মানুহৰ সমস্যাটো সমাধানৰ অৰ্থে আপুনি যথেষ্ট সাৱধানতা লোৱা প্ৰয়োজন। তেওঁলোকক তিনিগুণ হাজিৰা দিয়াৰ লগতে পাৰিলে ‘সিবিধ’ৰো অকণমান খুৱাই দিব, আৰু তেও বিদায় লোৱাৰ সময়ত ঘৰৰ পুৰণা কাপোৰ আদি দি পঠিয়াব।
 
মুখ লগাঃ- ৰবিশস্যৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল মুখ লগা। মনত ৰাখিব বাটেদি অহা যোৱা কৰা প্ৰতিজন লোকেই আপোনাৰ এই নদন বদন শাক পাচলিৰ বাগিছাখন ‘মুখ লগাই’ নষ্ট কৰিবলৈ পাং পাতি আছে। এই সমস্যাৰ সমাধান কল্পে আপুনি কেইবাটাও ব্যৱস্থা হাতত লব লাগিব।
প্ৰথমতে ডলাখনৰ সমান আকাৰৰ এখন পুৰণা মামৰে ধৰা টিং বিছাৰি লব। সেই টিখন মৰিয়াই খটিয়াই অলপ ‘চিধা’ কৰি তাত চূণেৰে “ নজৰ নলগাব” বুলি লিখি দিব। তাৰ পাছৰ শাকনিৰ মাজৰ খুটি এটাত সেই টিংখন সকলোৱে দেখা পোৱাকৈ বান্ধি থব। আপুনি নজৰ নলগাবলৈ ‘ইন ৰাইটিং’ অনুৰোধ কৰিলে, আপোনাৰ সাত শতৰুৱেও আপোনাৰ শাকনিত নজৰ নলগায়।
ইয়াৰ উপৰিও আপুনি পুৰণি দৈৰ ঘট এটাত চূণেৰে মানুহৰ চকু, মুখ, দাঁত আদি আঁকি খুটি এটাৰ মুৰত লগাই থব পাৰে। তেতিয়া মানুহৰ দৃষ্টি সেই অদ্ভূত বস্তুটোত পৰিব আৰু আপোনাৰ শাকনিখন ‘বেয়া নজৰ’ৰ পৰা হাত সাৰিব।
 
ফচলঃ- এই ধৰণৰ কৃষিত সাধাৰণতে ফচল তোলাৰ কোনো নিৰ্দিষ্ট নিয়ম নেথাকে, পুৰঠ হওক বুলি ৰৈ থাকোতে সাধাৰণতে সেইবোৰ বুঢ়া হৈ মাজত জালি বান্ধেগৈ। এই অসুবিধাৰ পৰা হাত সাৰিবলৈ আপুনি এক সৰল উপায় অৱলম্বন কৰিব পাৰে। গোটে পাঁচ টকাকৈ কিনি অনা কবি পুলিৰ ফচল তেতিয়াই খোৱাৰ উপযুক্ত বুলি ধৰিব, যিদিনাই বজাৰত কবিৰ কেজি এটকালৈ নামিব। এই ফচলখিনিৰ দুই এটা নিজে খাই বাকীবোৰ ওচৰ চুবুৰীয়াক বিলাই দিব, যাতে পৰৱৰ্তী বছৰটো আপুনি আকৌ নিজৰ গুণ গৰিমা বখানি থাকিব পাৰে। সেয়াও নহ’লে আপুনি বজাৰৰ বেপাৰী এটা মাতি এইবোৰ বিনামূলীয়াকৈ দি দিব পাৰে।
 
ব্যৱসায় ভিত্তিত ৰবিশস্যতো বহু সমস্যাই দেখা দিয়ে। ইয়াত সমস্যাবোৰ এটা এটাকৈ আলোচনা কৰাতকৈ সামগ্ৰিক ভাৱে খেতিটোৰ পদ্ধতিৰ বিষয়ে কবলৈ বিচাৰিম, যাতে সমস্যাবিলাক নিজে নিজে আঁতৰি যায়। এই খেতি অকলে কৰাতকৈ চাৰি পাঁচ জন মান লগ লাগিলে ভাল। আপোনাৰ লগৰ কেইজনৰ মনবোৰ মিলা হব লাগে, সন্ধিয়া একেলগে বহি অলপ ফুৰ্তি-ফাৰ্তা কৰিব পৰা মানুহ হব লাগে।
 
পোন প্ৰথমে আপোনালোকে এডোখৰ চন পৰা মাটি ঠিক কৰি লওক, চৰকাৰী মাটি হ’লেও চলিব। তাৰ পাছত সেই পথাৰখনৰ বাবে একদম ‘প্ৰকৃত অসমীয়া’ যেন শুনোৱা এটা নাম নিৰ্বাচন কৰক, আৰু “কখগ জৈৱিক কৃষি” পাম বুলি সকলোৰে চকুত পৰাকৈ এখন চাইনবৰ্ড লগাওক। মনত ৰাখিব এই জৈৱিক শব্দটোৱেই আচল কথা। মানুহে ভুল বুজে যে জৈৱিক কৃষিত ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ কৰিব নেলাগে। সেই ধাৰণা ভুল, আচলতে সকলো উদ্ভিদৰে প্ৰাণ আছে, মানে সেইবোৰো একোটা ‘জীৱ’, গতিকে সকলো কৃষিয়েই জৈৱিক।
 
ইয়াৰ পাছত আপোনালোকে অলপ অৰ্থ সংগ্ৰহ কৰিব লাগিব। তাৰ বাবে ওচৰ পাজৰৰ অফিচ, ব্যৱসায়িক সন্থা, লোকেল এম এল এ আদিৰ পৰা চান্দা লব, আৰু সেয়াই নুজুৰিলে বেংকৰ পৰা ঋণ লবও পাৰে। যথেষ্ট পৰিমাণে পুঁজি সংগ্ৰহ হ’লে আপোনালোকে এদিন ঢাক-ঢোল বজাই কৃষিকাৰ্য আৰম্ভ কৰক, পাৰিলে কোনো এজন প্ৰভাৱশালী ব্যক্তিক আপোনালোকৰ খেতি উন্মোচন কৰিবলৈ মাতক। লোকেল মেডিয়াক অলপ ‘খুচ’ কৰি দিলে পিছদিনাৰ বাতৰি কাকতত আপোনালোকৰ নামো ওলাব পাৰে- যেনে “জৈৱিক কৃষিৰে আত্মনিৰ্ভৰশীলতাৰ আদৰ্শ গঢ়িলে নিবনুৱা যুৱকে”, তেহেলৈ লাগে আপোনাৰ খেতিত আওচ এটাও পৰা নাই তেতিয়ালৈকে। এনেকে নাম ধাম ওলালে ভাল লাগে আৰু উৎসাহ পোৱা যায়। কৃষি উন্মোচনৰ দিনা মহা আড়ম্বৰেৰে ভোজ-ভাত খাবলৈ নাপাহৰিব।
 
দুই এদিনৰ ভিতৰতে আপুনি পাৱাৰ টিলাৰ, হাজিৰা কৰা মানুহ আদি লগাই ধুম ধাম গোটেই মাটিখিনি চহাই পেলাওক। তাৰ পাছত আপুনি চিন্তা কৰক, এইখিনি মাটিত কি শস্য লগাব পাৰি? কিবা এটা সিদ্ধান্ত কৰি আপুনি সেইবিধ শস্য ‘বাংলাদেশী কামলা’ৰ হতুৱাই গোটেই মাটিখিনিত ৰুই দিয়ক। আপোনাৰ কাম খতম।
 
কিছু প্ৰতিক্ৰিয়াশীল লোকে আপোনালোকক ‘বজাৰ অধ্যয়ন’ বা আন ব্যৱসায়িক দিশবোৰৰ কথা কৈ পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে, বা নিজৰ অভিজ্ঞতাৰ দোহাই দি কিবা কিবি উপদেশ দিব পাৰে। তেনে লোকৰ পৰা সাৱধানে থাকিব, তেওলোকৰ কথা কেনেবাকৈ শুনিবলগীয়া হ’লেও কেতিয়াও গুৰুত্ব নিদিব।
 
ইয়াৰ পাছত খেতিডৰাত প্ৰাণপণে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰক। দুদিন মান টেংকাৰ ভাড়া কৰি পানী ঢালক, কিন্তু এই কামটো দুই তিনিবাৰ কৰাৰ পাছত বন্ধ কৰি দিয়া উচিত। কেইদিন মানৰ ভিতৰতে আপোনালোকে ৰোৱা ৯০% পুলি মৰি যাব। বাকী থকা কেইডালত দুই এটা ফচল লাগিবগৈ পাৰে, কিন্তু চিন্তা নকৰিব, সেইবোৰ হঠাৎ অহা আবতৰীয়া বৰষুণজাকে সেইসোপা গেলাই পেলাব। তাৰ মাজতো যদি দুই এক কেজি ফচল ওলায়গৈ, সেইখিনিৰ বজাৰ মূল্য নোহোৱাৰ দৰেই হবগৈ, গতিকে নষ্ট হৈ যাব। কিছুদিন এই বিষয়টোৰ ওপৰতে ‘ট্ৰেজেদী ফালি’ আপোনালোকে আকৌ নতুন পৰিকল্পনাত ব্যস্ত হৈ পৰিব।
 
এইদৰেই আপোনালোকে সফলতাৰে ব্যৱসায়িক ভিত্তিত ৰবিশস্যৰ খেতি কৰি লাভৱান হ’ব পাৰিব।

No comments:

Post a Comment