Thursday, December 14, 2017

আত্মা-নুসন্ধান

মানৱ সভ্যতাৰ আদিযুগৰে পৰা, কেতিয়াও মানুহৰ পিছ নেৰা এটা প্ৰশ্ন হ’ল- এই নিৰন্তৰ জন্ম মৃত্যুৰ ৰহস্য। ক’ৰ পৰা আহো আমি, কিয় আহো এই পৃথিৱীলৈ, মৃত্যু কি? কি আছে এই কুলিকাময় মৃত্যুৰ সিপাৰে? সঁচাকে কৰবাত আছেনে স্বৰ্গ, আছেনে নৰক? মৃত্যুৰ পাছত আমি আমাৰ পাপ খণ্ডাবলৈ সঁচাকৈয়ে বাৰে বাৰে বিভিন্ন ৰূপত ঘুৰি আহোনেকি? ইত্যাদি ইত্যদি। আৰু মানুহে জনা হোৱাৰ পৰাই এই প্ৰশ্নৰ উত্তৰ বিছাৰি আহিছে। কোনোবাই শাস্ত্ৰ পঢ়িছে, ধ্যান-তপস্যা কৰিছে, কোনোবাই বৈজ্ঞানিক উপায়েৰে পৰীক্ষা নিৰীক্ষা কৰিছে। পিছে কোনেও একেবাৰে খাটাংকৈ কথাটো কৈ দিব পৰা নাই। মানে আজিলৈকে ।
এতিয়া আচল কথালে আহোঁ- এই ফ্লেটৰ প্ৰিমিয়াম, গাড়ীৰ চাৰ্ভিচিং, খুলশালীৰ বিয়া, গেচৰ চিলিণ্ডাৰ, ফোনৰ বিল, ল’ৰা –ছোৱালীৰ হ’মৱৰ্ক, অফিচৰ চাহ-আড্ডা ইত্যাদিৰ মাজে মাজে অমুকাৰ মনলেও এই প্ৰশ্নটো নহা নহয়। পিছে শাস্ত্ৰ পঢ়িবলৈয়ো সময় নাই, বৈজ্ঞানিক পৰীক্ষাও কৰিব নোৱাৰোঁ, গতিকে একেবাৰে সহজ উপায়টো হ’ল কোনোবা জনা মানুহক সুধি লোৱা । আৰু এই জ্ঞানগুৰুক বিছাৰিয়ে মই কিছুবছৰৰ আগৰ পৰা ভিতৰে ভিতৰে ৰিচাৰ্চ কৰি আছিলো। বহু লাঞ্ছনা- গঞ্জনা, ঠগ ফাকিবাজী সহি সহি শেষত মই গম পালোগৈ যে, আত্মাৰ বিষয়ে সকলোতকৈ ভালকৈ জানে – হৰ’ৰ চিনেমা বনোৱা সকলে। বি‍শেষকৈ হিন্দী চিনেমা।

গতিকে অফিচত বচ নোহোৱাৰ সুবৰ্ণ সুযোগটি গ্ৰহণ কৰি, নিজৰ শোৱাকোঠাত, এয়াৰ কণ্ডিচনাৰ চলাই, অশোক কুমাৰৰ মহল, ৰামচে ব্ৰাদাৰচৰ পুৰাণি হাৱেলিৰ পৰা আৰম্ভ কৰি, বিছ ছাল বাদ, দো গজ জমীন কে নীচে কে ধৰি, দুলহন বনি ডায়ন, শাপিত, ২০১২, কনজিউৰিং ২ আদি সকলো চিনেমা গভীৰ ভাৱে অনুধাৱন কৰি শেষত গৈ যেনিবা মই আত্মাৰ ৰহস্য মোটামোতিকৈ বুজিবলৈ সক্ষম হলোগৈ। এই জ্ঞানক একৰকম বুদ্ধত্ব প্ৰাপ্তিৰ লগত তুলনা কৰি , তাকে ৰাইজৰ মাজত বিলাই দিবলৈ এফেৰি ইচ্ছা জাগিল। তেহেলে ৰাজে ভাল পাওক বা নেপাওক, মই এইখিনি জ্ঞান মানৱ জাতিক দি যাব নোৱাৰিলে মোৰ জীৱনেই বৃথা।
এইখিনিতে আৰু এটা কথা কবই লাগিব- হিন্দী চিনেমাকেইখনত যিমানখিনি জ্ঞান আছে, সেইখিনি বাৰ শাস্ত্ৰ, চৌত্ৰিছ পুৰাণটো নাই বুলি ডাঠি কব পাৰি। এইখিনি জ্ঞান লিখি উলিয়াই; তাৰপাছত তাৰ শব্দবোৰ ওপৰা ওপৰিকৈ সন্ধি –সমাস কৰি লগ লগাই দিলে; এইখন যে চাৰিবেদতকৈয়ো ডাঙৰ শাস্ত্ৰ হবগৈ ই ধুৰূপ।
মোৰ এই মানস শাস্ত্ৰখনক শ্ৰদ্ধাৰে মই “হিন্দী ফিল্ম শাস্ত্ৰ” বুলি উদ্ধৃত কৰিম । লগতে আৰু এটা কথা, যিহেতু এই শাস্ত্ৰখনৰ কথাবোৰ হিন্দীতহে হব, গতিকে হিন্দী ভাষা নজনাসকলে ইয়াৰ তত্ত্ববোৰ ভালকে বুজিব নোৱাৰিব। পিছে এই আমাৰ খাৰখোৱা ৰাজ্যত এইভাষা বুজি পোৱা মানুহৰ সংখ্যা একেবাৰে নগণ্য হোৱা হেতুকে, অমুকাই তাৰে দুই চাৰিটা গুৰুত্বপূৰ্ণ শব্দ ভুলে ভালে অনুবাদ কৰি দিছো, আৰু গন্দগোল নহ’বলে আচল শব্দ কেইটাও লগতে লিখি দিছো।
আৰু এটা কথা, এইবোৰ কথাবোৰ লিখিবলে ঘৰতনো সময় ক’ত? ১১ মান বজাত অফিচ আহি পালেহে অকণমান সময় পাঁও- তাতে আকৌ অমুকাৰ সহকৰ্মীৰূপী এই ঘোৰ শত্ৰুবোৰক দেখুৱাইয়ো একো ভাল কৰিব নোৱাৰি –গতিকে অফিচত লুকুৱাই লুকুৱাই লিখা এই তত্ত্বকথাত দুই এটা অনুবাদ আঁওকঠীয়া হোৱা স্বাভাৱিক। মিছা ক’লে কিদাল হব – শব্দাৰ্থনো কি ? গূঢ়াৰ্থহে আচল কথা।
বাৰু এতিয়া তত্ত্বকথালে আহোঁ—
মানুহৰ অস্তিত্ব আচলতে তিনিটা বস্তুৰে গঢ়া- শৰীৰ, মন আৰু আত্মা ।মানুহ মৰিলে ইয়াৰে শৰীৰটো এৰা পৰে, কিন্তু মন আৰু আত্মা একেলগে থাকে। যিহেতু মনৰ কোনো ওজন নাই, গতিকে ৰিলটিভিটিৰ সুত্ৰ অনুসৰি ই পোহৰৰ গতিত ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰে। মনক আত্মাৰ পৰা আঁতৰ কৰিবলৈ জীৱই বহুত জন্ম লব লাগে, শে‍ষত গৈ সকলো পাপ শেষ হ’লে আত্মা ফ্ৰী হৈ ভগৱানৰ গাত বিলীণ হৈ যায়। তাকে বুঢ়া ঋষিকেইটাই মোক্ষ বুলিছে। সৃষ্টিৰ পৰা মোক্ষলৈকে এই গোটেই কাৰুকাৰ্যবোৰেই হেনো মায়াৰ লীলা। মানে ভগৱানে আপোনাক নিজেই পাপ কৰিবলৈ উচটাই, আকৌ গৈ নিজেই শাস্তি দিয়ে। বহত না-ইনচাফি হেঁ য়ে।
পিছে ‘হিন্দী ফিল্ম শাস্ত্ৰ’ অধ্যয়ন কৰাৰ পাছত মই এই হিন্দু দৰ্শণত থকা ভুল বিলাক বুজি পাবলৈ সক্ষম হ’লো। আচলতে এই মোক্ষ ফোক্ষ বোলা বস্তুবিলাকৰ একো অৰ্থ নাই। প্ৰকৃত সত্য বেলেগহে, এই আত্মা বোলা বস্তুটোৱেই হ’ল যতকুটৰ ঘাই। তাকেহে বাইখা কৰিবলৈ ইমানখন পাতনি মেলিব লগা হ’ল।
এই আত্মা বস্তুটো বৰ ভাল নহয়, বহুত ঝেং মাল। কাৰণ এই আত্মাৰ একমাত্ৰ কাম হ’ল জীয়াই থকা মানুহবোৰক নানা প্ৰকাৰে জীয়াতু ভুঞ্জোৱা । শৰীৰটো কাৰোবাৰ মতে একেবাৰে নিম্নস্তৰৰ উপাদান হ’লেও -ইয়াৰ কিন্তু গুৰুত্ব আছে। কাৰণ এই শৰীৰটো নাইকিয়া হ’লেই আত্মাই নিজৰ উদ্ভন্দালি কৰিবলে সুবিধা পায় । বচ মানুহটো পুৰাকে মৰিলে কি নাই, খৰি-খেৰ দি হ’লনে নাই, তিলনি, শ্ৰাদ্ধ কৰবাত অকণমান হেৰফেৰ হ’ল নে নাই –আত্মাই নিজৰ কাম আৰম্ভ কৰিলেই নহয়। তাতে তাক পুলিচটো দিব নোৱাৰি, পাব্লিক পিটনো দিব নোৱাৰি, ডুবাইৰ ফালে চুপাৰি-তামোলো দিব নোৱাৰি, তাৰ প্ৰতিমুৰ্তিও দাহ কৰিব নোৱাৰি, আন নেলাগে, চাব বা চুবই নোৱাৰি । তাতে আকৌ তাৰ বহুত পাৱাৰ, যি ইচ্ছা তাকে কৰিব পাৰে। গতিকে প্ৰথম তত্ত্বটো হ’লগৈ– এই আত্মা বোলা বস্তুটো বৰ বিপদজনক, পাৰিলে তাৰ পাল্লাত নপৰাকে থাকিব পাৰিলেই মংগল।
‘হিন্দী ফিল্ম শাস্ত্ৰ’ মতে আত্মা মূলতঃ তিনি প্ৰকাৰৰ – ‘প্যাচী আত্মা’, ভটকতি আত্মা আৰু প্ৰেতাত্মা। আত্মাৰ লগত মোকাবিলা কৰিবলে হ’লে এই আত্মা বিলাকৰ বৈশিষ্ট আৰু কাৰ্যপন্থা বা ম’ডাচ অপাৰেণ্ডি ভালকৈ জনা দৰকাৰ । আমাৰ বাকীবোৰৰ শাস্ত্ৰৰ দৰেই আমাৰ “হিন্দী ফিল্ম শাস্ত্ৰ’ ইয়ো পোনে পোনে কোনো কথা নকয়, নিজে পঢ়ি, বুজি, উপলব্ধি কৰি লব লাগে। তেতিয়াহে আত্মাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। ভগৱানৰ দয়াত অমুকাই উপলব্ধি কৰিব পাৰিছে বাবেই আজি লিখিবলে সাহস কৰিছে।
এতিয়া এই তিনি প্ৰকাৰৰ আত্মাৰ বৈশিষ্ট আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায়ৰ বিষয়ে অলপ বিষদভাৱে আলোচনা কৰা হওক ..
প্যাচী আত্মা বা অতৃপ্ত আত্মা সাধাৰণতে কোনো বিশেষ ঠাই বা বিশেষ কাৰণতহে লগ পোৱা যায়। কিন্তু কথাটো হ’ল, ই বৰ লেকেটিয়া আৰু গন্দগোলীয়া আত্মা। কোনো মানুহৰ আনৰ দোষত অপঘাত মৃত্যু হ’লে এই প্যাচী আত্মাৰ উদ্ভৱ হয়। ই বৰ পিয়াহত থাকে, কাৰণ তাৰ মৰাৰ সময়টো আনে ঠিক কৰে, গতিকে সি মৰাৰ আগতে ভালদৰে পানী খাই লব নোৱাৰে । জীৱন্ত মানুহক মাৰিলে বা অত্যাচাৰ কৰিলেহে এই প্ৰচণ্ড ডিহাইদ্ৰেচনত ভোগা আত্মাৰ পিয়াহ পলায়। আপুনি যদি হাবিৰ মাজত, দেখিলেই ভয় লগা, অকলশৰীয়া, আওপুৰণি ধৰণৰ ঘৰ এটা কিনি নলয়, তেনে ঠাইত বন্ধু বান্ধৱ, প্ৰেমিকাৰ সৈতে এৰাতি কটাবলে নেযায়, বা ঘন অৰণ্যৰ মাজত আপোনাৰ গাড়ী বেয়া হওতে, ওচৰত থকা শুকান পাত নাইকিয়া গছেৰে আবৰা কোনো অকলশৰীয়া ঘৰলে সোমাই নেযায়, তেন্তে এই আত্মাই আপোনাক বৰ বেছি দিগদাৰ নকৰে। কিন্তু যদি আপুনি এবাৰ তেনেকুৱা ঠাইলে গ’ল – হ’ল আৰু । আপোনাৰ পৰিয়াল, বন্ধু বান্ধৱ, আত্মীয় স্বজন, প্ৰতিবেশী, সকলোকে এনে নগুৰ নাগতি কৰিব, আপোনাৰ লাইফ হে’ল কৰি দিব। মন কৰিবলগীয়া কথাটো হ’ল – এই আত্মাই যি কাৰণত প্যাচী আত্মা হব লগা হ’ল, তাৰ লগত আপোনাৰ কোনো লে’না দে’না নেথাকিব পাৰে ; আপুনি চিধা চিধি অলপ ফুৰ্তি কৰিম বুলি আহিছে – কোনোবা বদমাছ মানুহে তাক প্যাচী আত্মা হবলে বাধ্য কৰিছে; যেতিয়া এই কাণ্ড হৈছিল, আপোনাৰ তেতিয়া জন্মই হোৱা নাছিল, প্যাচী আত্মাৰ সেইবোৰ বুজিবলৈ সময় নাই। আপোনাক পাইছে হাতত, গতিকে আপোনাকে খুন্দিব পাৰেমানে। এই আত্মাবোৰৰ আচলতে কিবা এটা বিশেষ বস্তুৰ লগত লিংক থাকে, যেনে কোনো দেৱালত ওলমি থকা ছবি, পুতলা, ডায়েৰী, নেকলেচ ইত্যাদি। আপুনি যদি এনে আত্মাৰ পাল্লাত পৰে, তেনে, হিষ্ট’ৰী, জিঅ’গ্ৰাফী, চচিঅ’ল’জী, চাইক’লজী সকলো অধ্যয়ন কৰি আপুনি সেই ‘বি‍শেষ বস্তু’টো বিচাৰি উলিয়াব লাগিব আৰু তাক হয় ভাঙি পেলাব লাগিব, নহয় সসন্মানে বিসৰ্জন দিব লাগিব। যদি সেইটো কাম কৰিব পাৰে, তেন্তে এই আত্মাই আপোনাক আৰু কোনো অসুবিধা নিদিয়ে – আপুনি দেখিব আত্মাটো উজ্জ্বল হৈ – ওপৰৰ আকাশৰ ফালে গুচি গৈছে, তাৰ মুখত হাঁহিও দেখিব….. চেটাৰৰ মিউজিকো শুনিব। এই কেইটা লক্ষণ দেখা দিলেই আপুনি বুজিব পাৰিব যে আপুনি ৰক্ষা পৰিল।
এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থও- আপুনি যদি দৈৱ দূৰ্বিপাকত ওপৰত কোৱা কোনো ঠাইলৈ যাব লগা হৈছে, তেন্তে কেইটামান কথা মনত ৰাখিব – কোনো গজাল মাৰি বন্ধ কৰি থোৱা দুৱাৰ নুখুলিব, তাত পোৱা কোনো কেছেট, ৰেকৰ্ড আদি নবজাব, কোনো কিতাপ বা ডায়েৰী নপঢ়িব, কোনো সন্দেহজনক মানুহ দেখিলে ওচৰ চাপি বন্ধুত্ব নকৰিব, এনেই পৰি থকা দামী হীৰাৰ নেকলেচ, আঙুঠি আদি নিপিন্ধিব, আৰু আপোনাৰ সংগীসকলকো এনে কাম কৰিবলে নিদিব। সাধাৰণতে দেখা যায়, এনে ভূক্তভোগী সকলৰ মাজ এজন নহয় এজনে এনে কামবিলাকৰ প্ৰতিবাদ কৰেই, কিন্তু বাকীবোৰ অহংকাৰ কৰি তেঁওক অৱজ্ঞা কৰে। তেনে ভুল কেতিয়াও নকৰিব।
আপুনি হিন্দী চিনেমা ভালকে অধ্যয়ন কৰিলে দেখা পাব, কিছুমান মানুহক ‘আৱাৰা’, দীৱানা, মনমৌজী, গয়া-গুজৰা, ফাল্টু, ননচেন্স আদি আখ্যা দিয়া হয়। আমাৰ এই দ্বিতীয় প্ৰকাৰৰ আত্মা, মানে অশৰীৰি বা ভতকটি আত্মাও এই ধৰণৰে আত্মা। ইয়াৰ কোনো লক্ষ্য নাই, উদ্দেশ্য নাই, এনেই যাকে পাই তাকে গন্দগোল লগাই থাকে। ই য’তে ত’তে ঘুৰি ফুৰে আৰু যি কোনো মানুহকে যেতিয়াই তেতিয়াই আক্ৰমণ কৰিব পাৰে। এই আত্মা বৰ নিৰ্দয়। ইয়াৰ নিজৰ কোনো ব্যক্তিগত আক্ৰোশ নেথাকিলেও মানুহক অত্যাচাৰ কৰে, মানে একধৰণৰ চেডিষ্ট আত্মা। ইয়াৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট হ’ল- কোনোবা ওস্তাদ মানুহে তাৰ লগত বুজাপৰা কৰি আৰু তাৰ সেই বিশেষ প্ৰয়োজন বিলাক পুৰা কৰি দিলে, এনে আত্মাই সেই মানুহজনৰ কাৰণে যিকোনো কাম কৰি দিয়ে। গতিকে আপোনাৰ শত্ৰুৱে এনে ভতকটি আত্মাক আপোনাৰ বিৰূদ্ধে ব্যৱহাৰ কৰাৰ ১০০% চান্স আছে। এনে আত্মাৰ আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে বহুতো বিজ্ঞ লোকে কিছুমান তাবিজ, মাদুলি আদি আৱিষ্কাৰ কৰিছে, আৰু সামান্য কেইটিমান টকাৰ বিনিময়তে আপুনি তেনে মাদুলি কিনিব পাৰে। কিন্তু সমস্যাটো হ’ল – প্ৰায় সকলোৱে, কোনোবা নহয় কোনোবা সময়ত –যি সময়ত এই ভটকতি আত্মাই তেঁওক আক্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে, সেই সময়ত এই মাদুলি, হয় হেৰুৱাই, নহয় পিন্ধিবলে পাহৰি যায়। আৰু তাৰেই ফলত আলৈ এঠানি হব লগাত পৰে। গতিকে এনে তাবিজ, মাদুলি আদি কেতিয়াও নিজৰ গাৰ পৰা আঁতৰ হবলে দিব নেলাগে। তথাপিও যদি কেতিয়াবা আপুনি এনে পৰিস্থিতিত পৰিব লগা হয়, তেন্তে আপোনাৰ ওচৰত এটাই উপায় আছে, ঘৰত এক প্ৰকাণ্ড যজ্ঞৰ আয়োজন কৰক। এই যজ্ঞলৈ আপুনি সকলো ধৰ্মৰে ধৰ্মগুৰু সকলক নিমন্ত্ৰণ কৰক আৰু তেঁওলোকৰ পৰামৰ্শ মতে ভটকটি আত্মাক দিশহাৰা কৰিবলৈ নাটকৰ আয়োজন কৰক। এই আত্মাবিলাকৰ কোনো বিশেষ উদ্দেশ্য নেথাকে বাবে আপোনাৰ নাটকত ভোল গৈ ইহঁতে আপোনাক এৰি যোৱাৰ সম্ভাৱনা প্ৰৱল। ভটকতি আত্মাই আপোনাক এৰি যোৱাৰ সময়ত কোনো বিশেষ ‘চিগনেল’ নিদিয়ে যদিও – গুৰুসকলৰ কথা বা সন্তুৰৰ যুগলবন্দী শুনিলে আপুনি ৰক্ষা পৰিলে বুলি ভাবিব পাৰে। আৰু এটা কথা মনত ৰাখিব – এই আত্মাৰ পৰা কাহিনীৰ হিৰ’ বা হিৰ’ইন গৰাকীয়েহে কোনোমতে ৰক্ষা পায়, বাকী সহায়কাৰী- চাপৰ্টিং ষ্টাফ- পূজাৰী, প্ৰফেচাৰ আদি দেখিবলৈ বৰ বেছি ভাল নোহোৱা মানুহ বিলাকক এই ভটকটি আত্মাই নিৰ্দয় ভাৱে হত্যা কৰে। গতিকে এনে আত্মাৰ সন্মুখীন হ’লে সদায় হিৰ’ বা হিৰ’ইন হোৱাৰ চেষ্টা কৰিব- মুখত ভালদৰে মেকআপ লগাব, দাঢ়ি খুৰাব আৰু ভাল কাপোৰ পিন্ধি যাব।কেতিয়াবা কোনো মন্দিৰ-মাজাৰ-চাৰ্চলৈ গৈ ভগৱানক ডাইৰেক্ট চেলেঞ্জ কৰি দিলেও ভাল ফল পোৱা যায়।
শেষৰ আৰু আটাইতকৈ ‘ডেঞ্জাৰাছ’ আত্মাটো হ’ল প্ৰেতাত্মা- ই কিয় প্ৰেতাত্মা হয়, তাক চিনেমাৰ সকলো স্ক্ৰীপ্ট ৰাইটাৰ মিলিও ভাৱি উলিয়াব পৰা নাই। প্ৰেতাত্মা ৯৯% স্ত্ৰীলিংগৰ হয়, আৰু তেওলোকে পুৰুষ মহিলা সকলোকে আক্ৰমণ কৰে। তেঁওলোকক প্ৰায়ে বগা শাৰী পিন্ধি, কোনোবা ভগা ৰাজমহল, নিৰ্জন মন্দিৰ বা ঘন হাবিৰ মাজত, হাতত মমবাতি লৈ ঘুৰি ফুৰা দেখা যায়। এওলোক আৱিৰ্ভাৱ হোৱাৰ লগে লগে বেকগ্ৰাউণ্ডত হিন্দুস্তানী ৰাগ সংগীত বাজে, প্ৰায়ে বিনা মেঘে বৰষুণ দিয়ে আৰু তেওলোকে চকুৰ পচাৰতে তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ গমণ কৰিব পাৰে । এই যদি আপুনি ঝুলনাত দেখিলে, পলকতে তেঁও হাবিৰ মাজত, তাৰ পাছ মূহুৰ্ততে তেঁও ভগা ঘৰৰ কৰিড’ৰত। এওলোক দেখাত বৰ ধুনীয়া হয়, আৰু বৰষুণত শাৰীখন গাত এনেকৈ লিপিট খাই পৰে যে, আপোনাৰ (যদিহে আপুনি পুৰুষ) পৰকিতি লৰি যাবও পাৰে, আৰু এই ৰূপ তেঁওলোকে আপোনাক আমনি লাগি নোযোৱালৈকে দেখুৱাই থাকে। কিন্তু সাৱধান- শাস্ত্ৰত কৈছে- “হাঁচি তো ফঁচি” – আপুনি যদি কেনেবাকে এই ৰূপত ভোল গ’ল – আপোনাৰ খেল খতম। আপোনাক এনে জোলোকা জোলোকে পানী খুৱাব – আপুনি ঘৰ-পৰিয়াল, চাকৰি বাকৰি এৰি কেৱল এই প্ৰেতাত্মাতে মজি ৰব। আপোনি আপোনাৰ আপোন ঘৈণী- সন্তানকো শত্ৰু বুলি ভাবিবলে লব আৰু আপোনাক যদি কোনো সিদ্ধ পুৰুষে চিকিৎসা কৰিবলে আহে, তেনে প্ৰেতাত্মা প্ৰদত্ত অলৌকিক শক্তিৰে আপুনি সেই সিদ্ধক তিলিকিতে উৰুৱাই দিব। এই আত্মাৰ এটা প্ৰধান অস্ত্ৰ হ’ল – কাৰোবাৰ গাত লম্ভা।যাৰ গাত লম্ভে তেও আকৌ সকলো সময়তে প্ৰেতাত্মা হৈ নেথাকে- সুবিধা বুজিহে নিজৰ ৰূপ প্ৰকট কৰে, মেলেৰিয়াৰ বীজাণুৰ দৰে । গতিকে ধৰিবও নোৱাৰা, এৰিবও নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মাত্ৰ এটাই উপায় আছে- এহেজাৰ কিলোমিটাৰ দূৰত থকা বাবাজী এজনক মাতি অনা…. চিন্তা নকৰিব, এই বাবাজীজনৰ ঠিকনা আপোনাক বজাৰত লগ পোৱা মানসিক বিকাৰগ্ৰস্ত লোকজনে দি দিব। কিন্তু তালৈ যোৱাটোহে অলপ সমস্যা, কাৰণ বাটত আপোনাক প্ৰেতাত্মাই নানান প্ৰকাৰে বিধি পথালি দিব, একেবাৰে হ’পলেচ অৱস্থালৈয়ো লৈ যাব। কিন্তু যদিহে আপুনি পুৰুষ, আৰু লগতে বিবাহিত, তেনে আপোনাৰ পত্নীৰ নিজৰ সেন্দুৰৰ বাবে জীৱন ত্যাগ কৰাৰ সিদ্ধান্তই আপোনাৰ পৰিয়ালক ৰক্ষা কৰিব। প্ৰেতাত্মাৰ লগত যুঁজিবলে সেন্দুৰতকৈ ডাঙৰ অস্ত্ৰ নাই।
প্ৰেতাত্মাৰ আৰু এটা সমস্যা আছে- ই এৰিও নেৰে । ওপৰত দিয়া সকলো কাৰুকাৰ্য্য সম্পন্ন কৰি প্ৰেতাত্মাৰ পৰা ৰক্ষা পোৱা সময় সমাগত হ’লেও আপুনি এটা কথা মনত ৰাখিব- বাকী থকা মানুহবিলাকৰ চকুলৈ চাব। প্ৰায়ে দেখা যায়, যে আপুনি সকলো শেষ হ’ল বুলি ভাবি অলপ ৰিলাক্স কৰাৰ মূহুৰ্ততে আপোনাৰ সাংগোপাংগ কাৰোবাৰ চকু দুটা ক্ষন্তেকৰ কাৰণে উজ্বল সেউজীয়া হৈ উঠে। ইয়াৰ মানে হ’ল আপুনি যি কৰিলে সকলো ফুচ্‌চ্‌চ্..মানে প্ৰেতাত্মা সেই উজলি উঠা চকুৰ গৰাকীৰ গাত লাগিয়েই থাকিল। এই কথাটোত বিশেষ সাৱধানতা অৱলম্বন কৰিলে প্ৰেতাত্মাৰ পৰা ৰক্ষা পৰা সম্ভৱ।
এই আত্মা বিলাকৰ ব্যৱহাৰ পাতি, কথা বতৰা, চিন্তা চৰ্চা যদিও সাধাৰণ মানুহৰ বোধশক্তিৰ বাহিৰত, তথাপিও আমাৰ মাজৰে কিছু কিছু সিদ্ধ মহন্তই অসীম সাধনাৰ বলেৰে এই আত্মা বিলাকৰ লগত ভাব বিনিময় কৰিবলে সক্ষম হয়। সেইসকল মহৎ লোকসকলক বেজ, ওজা, ডাইনী (শাস্ত্ৰ মতে ডায়ন) ইত্যাদি বুলি জনা যায়। ভালবোৰটো বাৰু ভালেই, কিন্তু ইয়াৰে মাজৰে কিছু বেয়া মনৰ মানুহে এই প্ৰেতাত্মাবোৰক বুজাই বঢ়াই, তেল-মাখন মাৰি কেতিয়াবা নিজৰ শত্ৰুৰ বিপক্ষে ব্যৱহাৰ কৰে। এনে ডাইনী টাইপৰ মানুহবোৰ জীয়াই জীয়াই জ্বলাই মাৰিলে মানৱ জাতিৰ মহান উপকাৰ সাধন হব।
ওপৰত কোৱা তিনিটা প্ৰজাতিৰ বাদেও আৰু কিছুমান আত্মা দেখা পোৱা যায়- সেইবিলাকক ভুত, কন্ধ, যখ-যখিনী, ছুড়েইল আদি নামেৰে বিখ্যাত। এইবিলাক আত্মা, ইতৰ শ্ৰেণীৰ জীৱ-জন্তুৰ মৃত্যু হোৱাৰ পাছত উদ্ভৱ হয় বুলি জনা যায়। ইহঁতৰ বৰ বেছি পাৱাৰ নাই, কিন্তু, সুবিধাত পালে ইহঁতেও আপোনাক ধান জৰা দি নেজাৰিব বুলি কোনো কথা নাই।
শেষত এটা কথাই কব লাগিব, এই হিন্দী ফিল্ম শাস্ত্ৰক যদিও হিংসাকুৰীয়াসকলে বৰ বেছি গুৰুত্ব নিদিয়ে, তথাপি, জীৱন, মৃত্যু, প্ৰেম, বিৰহৰ ওপৰত অমূল্য উপদেশ এই শাস্ত্ৰৰ কোঁহে কোঁহে লুকাই আছে। প্ৰত্যেক খন অলৌকিক চিনেমাৰ মাজেৰে শাস্ত্ৰজ্ঞ পণ্ডিত সকলে মানৱজাতিৰ চকু মুকলি কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। তাৰ ভিতৰত দক্ষিণ ভাৰতত নিৰ্মাণ কৰা আৰু হিন্দীলৈ ডাবিং কৰা কেইখনমান শ্ৰেষ্ঠতম। মানৱ জাতিৰ কল্যাণ আৰু সমাজৰ পৰা অসাধু শক্তি বিলাকক আঁতৰ কৰিবলৈ তেওলোকে কৰা চেষ্টা মানৱ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।■■

No comments:

Post a Comment