Thursday, December 14, 2017

=দ মেট্ৰিক্স = চেপ্টেম্বৰ সংখ্যা ফটাঢোল ই আলোচনীত প্ৰকাশিত

“চেহ! দহ বাজিবৰ হ’ল দেখোন”
নৰহৰি কলিতাই চকু মেলিয়ে ঘড়ীটোৰ ফালে চালে৷ কালি ৰাতি শুবলৈ যাওঁতে বহুত পলম হ’লগৈ৷ স্বাধীন কলিতা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কালি তেখেতে শপত গ্ৰহণ কৰিছেহে- লগে লগে ইমান কাম আহি পৰিব বুলি তেওঁ ভবাই নাছিল৷ যি কি নহওক, কামবোৰ সুকলমে হৈ যাব যেন লাগিছে৷ এক ধৰণৰ প্ৰশান্তিও অনুভৱ কৰিলে কলিতাই৷
এতিয়া বিশেষ কাম নাই হাতত; চাহৰ কাপটো হাতত লৈ, বাৰাণ্ডাত বহি তেখেতে চুবুৰীয়া গগৈৰ ঘৰৰ ফালে এবাৰ চালে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ কাম সম্পূৰ্ণ হোৱালৈকে কলিতাই নিজৰ ঘৰৰ পৰাই কাম কাজ চলাব বুলি ঠিক কৰিছে৷ গগৈ আৰু কলিতাৰ ঘৰদুখনৰ অতীজৰে পৰা ৰাহি জোৰা নাহে৷ পিছে স্বাধীন ৰাজ্য হোৱাৰ পিছতো বোপা ককাৰ মাটি নেৰো বুলি গগৈয়ে নিজৰ ৰাজ্যলৈ নেযাওঁ বুলি থিৰাং কৰিলে,

– থাক এতিয়া চেকেণ্ড ক্লাছ চিটিজেন হৈ! কলিতাৰ ওঁঠৰ কোণেৰে কুটিল হাঁহি এটা খেলি গ’ল৷
পঢ়াশুনা বৰ বেছি নহ’লেও কলিতা সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিৰ মানুহ তাক সাত সতৰুৱেও স্বীকাৰ কৰিব৷ ’কলিতা ৰাজ্য ডিমাণ্ড কমিটি’ৰ অবিসংবাদী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ কলিতাই কম ’পাপৰ বেলিব’ লগা হোৱা নাই৷ সাম, দাম, দন্দ্ব, ভেদৰ উপৰিও গুপ্তহত্যা, ব্লেকমেইলিং, হানি ট্ৰেপিঙকে ধৰি আধুনিক ৰাজনীতিৰ যিমান বিলাক ব্ৰহ্মাস্ত্ৰ আছে, কলিতাই নিৰালস্য প্ৰচেষ্টাৰে সকলো ক্ষেত্ৰতে অতুলনীয় দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ আৰু তাৰ বাবেই আজি তেওঁ এই স্থান পাবলৈ সক্ষম হৈছে- আৰু সেয়ে আধুনিক ৰাজনীতি জনা প্ৰায় সকলোৱে কলিতাক সন্মান আৰু সমীহ কৰি চলে৷
কথাবোৰ ভাবি ভাবি কলিতা অলপ নষ্টালজিক হৈ পৰিল৷ শাক পাচলিৰ খেতি, ঠিকা-ঠুকলি, তাৰ পাছত দুই নম্বৰী, কি কি কৰা নাছিল৷
পিছে সকলোতে ফ্লপ- বহুত কষ্ট কৰিলেও ভাগ্যলক্ষ্মী সদয় হোৱা নাছিল তেওঁৰ ওপৰত৷ পিছে সকলোতে বিফল হ’লেও কলিতাই জীৱনৰ সকলোতকৈ মূল্যৱান শিক্ষাটো পালে- আজিকালি ৰাজনৈতিক ক্ষমতা নহ’লে সকলো মিছা, তাতে নতুনকৈ পোৱা শিক্ষাৰে নতুন পৰিবেশত নিজকে খাপ খুৱাই পেলোৱাত কলিতা সিদ্ধহস্ত মানুহ, গতিকে কলিতাই এইটো লাইনত মনোনিবেশ কৰিলে৷
ৰাজনীতিলৈ অহাৰ আগতে কলিতাৰ এই লাইনটোত আইডিয়া একেবাৰে নাছিল, মাত্ৰ এটা কথাই জানিছিল, এই লাইনৰ মানুহবোৰৰ বহুত পাৱাৰ- যি টি কাম কৰিব পাৰে, কোনেও নোম এডালো লৰাব নোৱাৰে৷ অমিতাভ বচ্চনৰ চিনেমা চাই ডাঙৰ হোৱা মানুহ কলিতা- গতিকে সিদ্ধান্ত লওঁতে বেছি পলম নহ’ল৷
পিছে কামটোত সোমাই লোৱাৰ পাছত কলিতাৰ দৰে তীখৰ মানুহো হতবাক হোৱাৰ দৰে হ’ল, নিউজ পেপাৰত পঢ়া, টিভিত দেখা ৰাজনীতি আৰু আচল ৰাজনীতিৰ একো মিল নাই দেখোন, একেবাৰে ওলোটা৷ দিনত ৰাইজৰ আগত ইটোৱে সিটোক কাটো মাৰোকৈ থকা মানুহবোৰ দেখোন ৰাতি বন্ধু হৈ পৰে, একেলগে নৈশ অভিসাৰ কৰে৷ ৰাইজে ভোট দিয়ে, পিছে কোন জিকিব, কোন হাৰিব সেইটো দেখোন কেইবামাহৰ আগতেই হোটেল ৰূমতে ফিক্স হৈ যায়৷ বৰ আমোদ পালে কলিতাই- একেবাৰে দুইনম্বৰী ব্যৱসায় কৰাৰ নিচিনাই চিষ্টেমবোৰ৷
সকলো সফল মানুহৰে এজন পথপ্ৰদৰ্শক থাকে, গুৰু থাকে৷ কলিতাৰো আছিল, মানে এতিয়াও আছে৷ মানুহজন এজন ব্যৱসায়ী, অৱশ্যে তেওঁ কিহৰ ব্যৱসায় কৰে সঠিককৈ কোনেও নাজানে৷ পাৰাপাৰ হীন ধন-সম্পত্তিৰ মালিক এই মানুহজনৰ নাম কলিতাই মৰি গ’লেও নলয়- নিজৰে জীৱনৰ সংশয় আছে৷ পিছে সেইজনাৰ দিকদৰ্শনতে আজি নিজৰ জয় জয় ময় ময় বুলি কলিতাই স্বীকাৰ কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে৷ তেওঁক লগ পোৱাৰ দিনটো কলিতাৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য দিন৷ তেওঁ আছিল খাটি হীৰা চিনি পোৱা জোহৰী, তেওঁ কলিতাৰ গাত দৰকাৰী গুণ কেইটা দেখা পালে হয়তো, গতিকে এদিন শুভলগ্নত মণিকাঞ্চন সংযোগ ঘটিল৷ মাত্ৰ তিনি ঘণ্টা সময়ৰ ভিতৰতে কলিতাৰ জ্ঞানচক্ষু মুকলি কৰাৰ লগতে কলিতাৰ সৈতে ভৱি‍ষ্যত ব্যৱসায়ৰ সবিশেষ পৰিকল্পনা প্ৰস্তুত কৰি পেলোৱা মানুহজনৰ দক্ষতাক কলিতাই আজিও পৰি নমস্কাৰ কৰে৷ তেখেতৰ এটা এটা শব্দ- যেন মুকুতা মণি, প্ৰত্যেকটো কথা, যেন বুকুত গৰম লোহাৰে সাঁচ দি যোৱা শিক্ষা৷ প্ৰত্যেক বাক্যই খুলি দিয়ে যেন এখন দুৱাৰ, গঢ়ি দিয়ে এটা ফুলেৰে বন্ধোৱা বাট৷
আহ্-গাৰ নোম শিয়ৰি উঠিল কলিতাৰ৷ মনে মনে প্ৰণিপাত জনালে গুৰুলৈ৷
গুৰুৰ কথাবোৰ সৰল, পোনপটীয়া আৰু আবেগ বিবৰ্জিত৷ সেই সময়ত কলিতা ৰাজনীতিত সোমাইছেহে, কি কৰিব কি নকৰিব ধৰিবই পৰা নাই৷ সকলো ফালে দেখোন প্ৰকাণ্ড ’কিউ’, এইটো কিউৰ শেষৰ ফালে থিয় হৈ কিবা এটা কৰিব পৰা হোৱালৈ কলিতাৰ নশ্বৰ দেহা মহাশূন্যত বিলীন হ’বগৈ৷ পঞ্চায়তৰ সভাপতিত আৰম্ভ হ’ল বুলি ধৰিলেও এম এল এ হোৱালৈকে, এইটো গতিত ৩০/৪০ বছৰ লাগিয়েই যাব৷ হতাশ হোৱাৰ সময়তে গুৰুৱে বুজালে,
-“জাৰ্মানীত এজন বৰিছ বেকাৰ ওলোৱাৰ ফলস্বৰূপে হাজাৰ হাজাৰ নন-বৰিছ বেকাৰ উৎপন্ন হৈছিল, তেওঁলোকে অপ্ৰাণ চেষ্টাৰ মুৰতো সফলতা লাভ কৰিব নোৱাৰিলে, আজি টেক্সি চলাই, পানীৰ পাইপ ফিটিং কৰি জীৱন নিৰ্বাহ কৰি আছে৷ এই কিউত থিয় হৈ থকা প্ৰায়বোৰেই এই নন বৰিছ বেকাৰ৷ তাৰ মাজত কোনোবা এজনহে সফল হ’ব৷ বাকীবোৰ এনেদৰেই থাকিব৷”
-“কিন্তু এই কিউত আগলৈ যোৱা যায় কেনেকৈ?”– কলিতাৰ প্ৰশ্ন৷
-“মাৰ্কেট চাৰ্ভে লাগিব, এইটো লাইনত কম্পিটিচন বৰ বেছি, এনেকুৱা এটা খালি ঠাই বিচাৰি উলিয়াব লাগিব, যিটো আন মানুহে দেখাই পোৱা নাই৷ যি বিচাৰি পালে সি জিকিল, বাকীবোৰ গ’ন কেছ৷”
বচ্ ইমানখিনিয়েই৷ কলিতাৰ তীক্ষ্ণ মগজুৱে তৎক্ষণাৎ তেনে দুই তিনিটা ভেকেন্সী বিচাৰি উলিয়ালে৷ গুৰুৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল৷
-“প্ৰথম কথা- পলিটিকচ ইজ এ প্ৰফেছন” গুৰুৱে গুৰুগম্ভীৰভাৱে ক’লে – “গতিকে কথাবোৰ প্ৰফেছনেলী চিন্তা কৰিব লাগিব৷ আৰু ৰাজনীতিৰ সকলোতকৈ ডাঙৰ মূলধন, বিশেষকৈ আমাৰ ইয়াত, হ’লগৈ মানুহৰ চেণ্টিমেণ্ট৷ ৰাইজৰ চেণ্টিমেণ্টক সঠিক দিশত ব্যৱহাৰ কৰাই সফলতাৰ একমাত্ৰ উপায়”
-“কিন্তু গুৰুদেৱ, কিছুমান মানুহেটো সঁচাকৈয়ে দেশৰ মানুহৰ কিবা ভাল কৰিম বুলিয়েই এনে কামলৈ আগবাঢ়ে”
কলিতাই কুঞ্চিত মনেৰে ক’লে৷
গুৰুৱে হাঁহিলে
-“তোমাৰ কিউৰিঅ’চিটি মই বৰ ভাল পাইছো৷ এতিয়া মই তোমাক এটা উদাহৰণ দিম, তুমি বুজি পাবা, তুমি চোকা মানুহ৷ মই তোমাৰ মাজত ভৱিষ্যত দেখা পাইছো”
এটা পজ লৈ গুৰুদেৱে আৰম্ভ কৰিলে,
-“মই বুজি পাইছো তুমি এই দেশৰ কাৰণে জীৱন পণ কৰি বন্দুক হাতত লোৱা ডেকা কিছুমানৰ কথা কৈছা৷ কিন্তু কি জানা? তেওঁলোকে আচলতে খেলটো একেবাৰে গম নেপায়৷ হয়, প্ৰথমতে বহুত উচ্চাকাংক্ষা থাকে, এইটো কৰিম, সেইটো কৰিম, সমাজখন সলাই পেলাম৷ কৰা বাৰু, কিন্তু কৰিবা কেনেকৈ? লাগিল অস্ত্ৰ-শস্ত্ৰ, লাগিল টকা-পইচা৷ ইফালে পুলিচ মিলিটেৰী৷ এটা সময়ত নিজকে বচাই ৰখাটোৱেই সকলোতকৈ দৰকাৰী কাম হৈ পৰে৷ মোক তুমি এটা কথা কোৱাচোন, এই যে আমাৰ দেশত ইমানবোৰ উগ্ৰপন্থী সংগঠন আছে, সকলোৰে কেডাৰৰ হাততে এটাকৈ হ’লেও এ কে- ৪৭ আছে, মুঠতে কিমান ইলিগেল আৰ্মচ আছে বাৰু?”
-“হিচাপ কৰিব নোৱাৰি!”
-“আৰু ইমান বোৰ অস্ত্ৰ-শস্ত্ৰ কোনোবাই নিজৰ ভঁৰালৰ গাধৈত বহি মনে মনে সজাতো নাই, সজা সম্ভৱ নেকি? ক’ৰবাত কোনোবাই ডাঙৰ ফেক্টৰীত এইবোৰ সাজিছে, হাজাৰ হাজাৰ মানুহে তাত কাম কৰিছে, নহ’লে ইমানবোৰ বন্দুক ক’ৰ পৰা আহিব? তুমি বাকী ইৰাক, তালিবান এইবোৰো হিচাপত লোৱাচোন৷”
-“অসম্ভৱ গুৰুদেৱ৷”
-“আৰু এনে ডাঙৰ ডাঙৰ ফেক্টৰীবোৰ ক’ৰবাত চলি থাকিলে সেই দেশৰ চৰকাৰে গম নাপাব নেকি?”
-“কিয় নাপাব, আমাৰ ইয়াত দেখোন গেট-গ্ৰীল সজা দোকান বোৰতে চাৰ্ভিচ টেক্সে বছৰত পঁছিচ বাৰ ৰেইড কৰে৷ মই পাই থৈছো নহয়৷”
-“ইয়াৰ পৰা কি বুজিলা? এইটো এটা ব্যৱসায়, ইণ্টাৰনেচনেল বিজিনেচ, বহু মানুহ, বহু দেশ ইয়াত জড়িত হৈ আছে৷ আৰু জানি থোৱা; এই ব্যৱসায়ী বোৰেহে আচলতে দেশবোৰ চলায়৷ আৰু যি এবাৰ এইটো ব্যৱসায়ত কেনেবাকে সোমাই পৰিছে, সি আৰু কেতিয়াও ওলাব নোৱাৰে৷ ওলালেই শেষ৷ ইয়াত দেশ প্ৰেম, জাতি প্ৰেম এইবিলাক বস্তুৰ কোনো স্থান নাই৷ কিন্তু আনক দেখুৱাবলৈ ক’ব লাগিব, নহ’লে চেণ্টিমেণ্ট নামৰ মূলধনটো কমি যাব৷”
কলিতা নিমাতে ৰ’ল৷ ইমানলৈকে ভবাই নাছিল তেওঁ কথাবোৰ৷
গুৰুদেৱে আকৌ আৰম্ভ কৰিলে
-“ৰাজনীতিও একেই, মাথো ইয়াত সুবিধা বেছি৷ পুলিচ মিলিটেৰীৰ জামেলা নাই, প্ৰথমতে অলপ কষ্ট কৰিব লাগে, আৰু নিজৰ মনৰ পৰা চেণ্টিমেণ্ট বোলা বস্তুটোক অজ্ঞাতবাসলৈ পঠিয়াই, ৰাইজৰ চেণ্টিমেণ্টৰ ওপৰত কেপিটেলাইজ কৰিব লাগিব৷ ব্যৱসায়িক মনোভাৱেৰে কথাবোৰ চাবা আৰু কিবা অসুবিধা পালে মোক সুধিবলৈ সংকোচ নকৰিবা৷”
তাৰ পাছৰ কথাখিনি সম্পূৰ্ণ ব্যৱসায়িক, কলিতা সফল হ’লে এইটো কৰিব লাগিব, কলিতাৰ ইমান লাভ হ’ব, এইখিনি গুৰুদেৱৰ সহায়ক জনেই চম্ভালি ল’লে৷
-“ছাৰ চাহ একাপ দিম নেকি?”
কাম কৰা ল’ৰাটোৰ মাতত কলিতা বাস্তৱলৈ ঘূৰি আহিল৷ ল’ৰাটো এম.এ পাছ, কলিতাৰ ঘৰৰ ওচৰৰে৷ আগৰ পৰা চিনাকি, কিবা চাকৰি বাকৰি এটা হ’ব বুলি আজি বহুদিনৰ পৰা কলিতাৰ ঘৰত কাম কৰি আছে৷
-“দে দে”
এম.এ পাছ ল’ৰাৰ হতুৱাই ঘৰৰ কাম কৰোৱাৰ মজাই বেলেগ, কলিতাই ভাবিলে৷
গুৰুদেৱৰ লগত সেই সাক্ষাতৰ পিছত কলিতাৰ পথ একেবাৰে সহজ হৈ পৰিল৷ সকলোতে প্ৰতিষ্ঠিত ব্যৱসায়িক চাপৰ্ট আছে৷ উগ্ৰপন্থা লবনে ৰাজনৈতিক আন্দোলন? কিমান দিন চলাব? টাৰ্গেট,পাৰ্ফৰমেন্স গেৰাণ্টি, কি কি লাগে? ক’ত ক’ত মেনেজ কৰিব লাগিব৷ বেলেগ বেলেগ পেকেজ৷ কলিতাৰ সকলোতকৈ ভাল লাগিল কনচাল্টেন্সি ব্যৱস্থাটোত৷ সকলো দিবলৈ ৰাজী, খালি দাম কওক৷ কেইবাজনো কনচালটেণ্টৰ লগত কথা পাতিলে কলিতাই৷ তেওঁলোকে বুজালে আচুতীয়া ৰাজ্য, স্বায়ত্বশাসন বা একেবাৰে স্বাধীন দেশ ডিমাণ্ড কৰাৰ সুবিধা আৰু অসুবিধা বিলাক আৰু তাৰ বেলেগ বেলেগ দাম৷ স্বাধীন দেশ কৰিব পাৰিলে লাভ বেছি, কিন্তু খৰচো বেছি৷ কলিতাই এবাৰ সুযোগতে স্বাধীন দেশ লাগে বুলিয়েই কৈ চালে৷ মনে মনে এটা আশাও আছিল, বোলে স্বাধীন দেশ হ’লে তাৰ টকাটোত কলিতাৰে ছবি থাকিব চাগে, তপামূৰীয়া বুঢ়াটোক নো মানুহে আৰু কিমান চাব? কনচাল্টেণ্টে অফাৰ দিলে তিনিখন শক্তিশালী দেশৰএক্সটাৰ্নেল (লগতে সামৰিক) চাপৰ্ট আৰু আন্তৰ্জাতিক স্বীকৃতি, ভিতৰৰ পৰা উপদেশ পৰামৰ্শ, চাপ্লাই, ডিফেন্স, সকলোবোৰ দিব পৰা যাব, কেৱল ৰিস্ক আৰু খৰচা বেছি৷
বহু ভাবি গুণি, হিচাপ পত্ৰ কৰি, কলিতাই শেষত নতুন ৰাজ্য লোৱাই ভাল হ’ব বুলি সিদ্ধান্ত কৰিলে৷ তাৰ বাবে ‘উপাধি ভিত্তিক ৰাজ্য গঠন’ নামৰ বিলখন সংসদত পাছ কৰাব লগা হ’ল৷ তাতো যথেষ্ট কেৰামতি কৰিব লগা হ’ল৷
অৱশ্যে সেই ক্ষেত্ৰত বাকী তথাকথিত ৰাজনৈতিক শত্ৰুবিলাকৰ পৰাও সৰ্বতোপ্ৰকাৰৰ সহায় পালে তেখেতে৷
আৰু সেয়ে ভগৱান আৰু গুৰুৰ কৃপাত আজি কলিতা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী৷ কালি গধূলি শপত লোৱাৰ পাছতেই ফাঁচী বজাৰ, ছাগলীয়া, পিয়াজ চিণ্ডিকেট, চালানি মাছ পাৰ্টি, সকলোৱে ফোন কৰিলে, সকলোৰে লগত লেন দেন ফাইনেল হৈ গ’ল৷ মুখ্যমন্ত্ৰী হোৱা কামটো ভবাতকৈ সহজ যেনেই লাগিল কলিতাৰ৷ কথাটো চিধা, লেন দেন কৰ, মন্ত্ৰী হৈ থাক, কমিছন খা; যদি নোৱাৰ..তোৰ দেশৰ মানুহে খাবলৈ নাপাব আৰু তই অহাবাৰ মুখ থেকেছা খাবি৷ একেবাৰে চিধা চিধি ব্যৱসায়৷
গুৰুৰ কথা মনত পৰিল- ‘চিষ্টেমটো সকলোতকৈ শক্তিশালী, আৰু টাইম টেষ্টেড, তাক এৰাই চলিব নোৱাৰি; তুমি যদি চিষ্টেমৰ মতে চলিব নোৱাৰা, তোমাক চিষ্টেমে ধূলিসাৎ কৰি দিব৷ যিমান সোনকালে চিষ্টেমৰ মতে নিজকে গঢ়ি ল’ব পাৰা, সফলতা সিমানেই সোনকালে আহিব৷’
পিছে মনে মনে কলিতাৰ অলপ শংকাও নোহাৱা নাছিল৷ দেশখন চলিবলৈ ৰিচ’ৰ্চ লাগে, সম্পদ লাগে; ৯৫ বৰ্গকিলোমিটাৰৰ কলিতা ৰাজ্য খনত ২ বিঘামান চাহ বাগিছাৰ বাদে একো নাই, ঘৰেই ঘৰ, মানুহেই মানুহ; দেশ চলিব কিদৰে?
গুৰুদেৱৰ ওচৰত তাৰো সমাধান আছে- “আছে নহয়, এই মানুহবোৰেই ৰিচ’ৰ্চ৷ এটা কথা ভাবাচোন- আমাৰ দেশখনত সকলোফালে দুৰ্নীতি, সকলোৱে পাৰে মানে ৰাজহুৱা সম্পদ হজম কৰিছে, হজম কৰাৰ সুবিধা নোপোৱাজনে ষ্ট্ৰীট লাইটকে শিলগুটি মাৰি ভাঙি দেশৰ সম্পদ নষ্ট কৰিছে, কোনোবাই কমিছনৰ বাবে দেশখন ডুবাবলৈ অহোপুৰুষাৰ্থ কৰি আছে৷ তথাপি দেশখনতো আগুৱাই গৈ আছে, … জি ডি পি বাঢ়ি আছে? কেনেকৈ? কিয়?
তাতে আছে টেকনিকটো৷ দেশখনত যিবোৰ মানুহে প্ৰকৃততে উৎপাদনৰ কাম কৰে সিহতকে এক্সপ্লইট কৰা হয়, মানে সিহঁতক কম পইচা দি তাৰ পৰিবৰ্তে এশগুণ বেছি উৎপাদন লোৱা হয়৷ তাৰ সিংহভাগ হজম হ’লেও বাকী খিনিৰে দেশ চলি থাকে; কেৱল চলিয়েই নেথাকে, বিকাশো হয়৷ যিবোৰ মানুহে শাৰীৰিক আৰু মানসিক শ্ৰম কৰি সমাজখন চলাৰ প্ৰয়োজন খিনি পূৰা কৰি থাকে, তেওঁলোকক কম খৰচত ব্যৱহাৰ কৰিব পাৰিলেই কাম হৈ যায়৷ আৰু এই মানুহবোৰৰ বলিৰ পাঠা হোৱাৰ বাদে আন কোনো উপায়ো নাই; লগতে সিহঁত মূৰ্খও৷ দৰকাৰ পৰিলে ২০ টকা হাজিৰাতো কম্পিউটাৰ প্ৰগ্ৰেমিং কৰিব, ২০০ টকা কেজিৰ পিঁয়াজো কিনি খাব৷ সেইটো কথাৰে ফায়দা উঠাব লাগিব৷”
প্ৰচণ্ড শব্দৰে ‘বাইক’ এখন চলাই কলিতাৰ ল’ৰাটো ঘৰলৈ সোমাই আহিল৷ ল’ৰাটো কলিতাই আশা কৰা মতে একেবাৰে নহ’ল৷ এই বয়সতেই কেইবাবাৰো লক-আপ, জে’ল-হাজোত সকলোৰে অভিজ্ঞতা অৰ্জন কৰিলে৷ আৰু অভিযোগবোৰো এনেকুৱা, কলিতাই শ্ৰীমতীৰ লগতো আলোচনা কৰিবলৈকে অসুবিধা পায়৷ আজিলৈকে সেইবিলাক বিৰোধীৰ ষড়যন্ত্ৰ বুলি যেনে তেনে কলিতাই থাপি থুপি থৈছেগৈ যেনিবা৷ কিন্তু কিমান দিন? বৰ বেছিদিন এইটো উপায়েৰে নিজক ৰক্ষা কৰিব নোৱাৰিব বুলি কলিতাই নজনা নহয়৷ পিছে হাজাৰ হ’লেও নিজৰে ল’ৰা৷ তাৰ ভৱিষ্যতৰ বাবে কিবা এটা কৰি যাব নোৱাৰিলে কেনেকৈ হ’ব? বৰ চিন্তা হৈছিল কলিতাৰ, পিছে আজি তাৰ কিবা এটা সমাধান ওলাল যেন লাগিল৷ হ’ব, এইটো লাইনতে আনিব লাগিব তাক, তাৰ যি কোৱালিটি, এইটো লাইনত চলিব পাৰিব সি!

No comments:

Post a Comment