Monday, December 18, 2017

= মৃত্যুশৰ্য্যাত মোৰ বিবেক=

শ্মি ত্ৰিৱেদীৰ বহু কবিতা হোৱাটচএপত সন্ধালনিকৈ চলি আছে, লেখকৰ নাম নোলোৱাকৈ। এই লেখাটোও তেওৰ, মোৰ ওচৰলৈয়ো আহিছিল। তেওৰ পৰাই গম পালো এয়া তেওৰ লেখা।

কবিতাৰ ধৰ্ম, গুণ আদিৰ কথা নেজানো, কিনতু কবিতাটোৰ সৰলতাই মোক চুই গ'ল। হয়তো ইয়াত ৰূপকল্প, চিত্ৰকল্প নাই, নাই কঠিন শব্দৰ মায়াময় খেলা, কিন্তু বক্তব্য স্পষ্ট। হয়তো এক ডিকনষ্ট্ৰাকচন। যি হয় হওক বুলি অনুবাদ কৰি দিলো, কি হৈছে নেজানো।
কবিতাৰ কথা বাদ দিও, বক্তব্যৰ বাবেই এইটো লিখা গ্ৰহণযোগ্য হব বুলি ভাৱিছো।

Original By *Rashmi Trivedi *
Author of Woman everything will be fine!


মাজনিশা কেতিয়াবা উঠি
মই এন্ধাৰতে তাৰ কাষলে যাও,
নাকত হাত দি চাও,
উশাহ লৈছেনে নে নাই সি !
সি এটা নিশ্চিত মৃত্যুপথৰ পথিক,
দিনে, দিনে, ধীৰে, ধীৰে; মৃত্যুয়ে তাক গ্ৰাস কৰি আনে।
দামী ৰেষ্টুৰেণ্টখনৰ এসাজৰ দাম,
মই জানো, মোক ৰেষ্টুৰেণ্টৰ দুৱাৰ খুলি দিয়া
তজবজীয়া ল'ৰাটোৰ এমাহৰ 'ইনকাম'।
মুহুৰ্ততে যেতিয়া মই এই আপদীয়া চিন্তাটো দলিয়াই পেলাও,
সি আৰু অলপ মৰে।

= A Marigold Ode : মনোজ নেওগৰ 'মাৰীগল্ডৰ কবিতা' ৰ ইংৰাজী অনুবাদ=


Words are riddles of a rootless forest …
Reverberations of foggy tranquillity..
In the last rendezvous –
when I searched the sack, asking “Did you bring me happiness?”  
I found a pack of marigold.

Even though I knew the answer- I asked -“for whom”
“In case I am hungry as I walk” – she smiled
Such a compelling smile!
…….

=দীপ=



সমাজখনৰ এটা নিভৃত কোণত এটুকুৰা সৰু ঠাই, চাৰিওফালে এটা দ খাল খনা আছে। অৱশ্যে খালটো জঁপিয়াই ইপাৰ সিপাৰ হব পাৰি।

সেই দ্বীপটোতে মই থাকো, আৰু থাকে নিজৰ বুলি কিছুমান মানুহ, তাৰে কিছুমান সম্পৰ্কীয়, কিছুমান নহয়, কিছুমান ৰিয়েল, কিছু আকৌ ভাৰ্চুয়েলো। কিন্তু তেওলোকো মোৰ লগতে মোৰ দ্বীপটোতে থাকে।

দ্বীপটোৰ সিপাৰেও বহুত মানুহ থাকে, তেওলোকৰো একোটা দ্বীপ আছে। সিপাৰে থকা মানুহবোৰৰ বিশেষত্ব হ, মই সেই মানুহবোৰক কেতিয়াও বেয়া নেপাও, খং নকৰো, তেওলোকৰ ওচৰত অভিমানো নকৰো, দাবীও নজনাও....

=অহেতুক চিন্তা=

পৃথিৱী পৰা ৩৭০০ আলোকবৰ্ষ দূৰত এটা দ্বিতাৰকা (মানে দুটা তৰাক প্ৰদক্ষিণ কৰা) গ্ৰহ এটা আৱিষ্কাৰ হৈছে, গ্ৰহটো সকলো ফালে জীৱনৰ বাবে উপযোগী, কিন্তু ই এটা বায়ৱীয় গ্ৰহহে- মানে বায়ুজাতীয় পদাৰ্থৰে গঠিত। কিন্তু তাৰ উপগ্ৰহবোৰ বসবাসৰ উপযোগী হোৱাৰ পূৰা সম্ভাৱনা আছে...


পিছে কথাটোত মই বৰ উৎসাহ নেপালো, কাৰণ

১। আমি আজি গম পাইছো যদিও, কেছটো ৩৭০০ বছৰৰ আগৰ, ইমানদিনে বা সেইটো কি হ'লগৈ।

= And They Found Phutuki ( মনোজ নেওগৰ "ফুটুকী ওলাল" কবিতাৰ অনুবাদ) =






From the rescue boat she saw her doll,
Hay and torn pieces of her mother’s old Chadar..
Floating in between sinking depths,
She made it herself,
Only friend she ever played with
.............

With her tiny hands, she clung to the doll close..
.............

When they pulled up the fishing net,
In a heap of water hyacinth
She looked like a pallid earthworm,
As sallow as a dead river dolphin.

.................

Don’t remember who screamed first..

Phu..tu.. ki...
My Phu..tu.. ki...

How can I wish them well,
When I know for sure,
They are not. ....


#########################.

=নিয়ম ভঙাৰ নিয়ম=

আমি বাৰু কাৰিকৰী মানুহ, আমি যিবোৰ কাম কৰো, সেইবোৰৰ সুফল বৰ বেছি মানুহে প্ৰত্যক্ষ ভাৱে নেপায়। হয়তো খুব কম সংখ্যক দুই এজনে পায়। আমাৰ কামবোৰৰ ফলাফলে মানুহক শাৰীৰিক আৰু বৈষয়িক সুখ প্ৰদান কৰে, সেইটোও বাৰু দৰকাৰী কামেই।

কিন্তু কলা বা আৰ্টৰ ক্ষেত্ৰখন বহুত বেছি বিশাল। কলাই মানুহক মানসিক তৃপ্তি দিয়াৰ লগতে বহুতো লোকক চিন্তা চৰ্চাৰ সুবিধা দিয়ে, জনমত গঢ়ি তোলে, সামগ্ৰিক ভাৱে এখন সমাজৰ চিন্তাধাৰা গঢ় দি পালন পোষণ কৰে, এক নিৰ্দিষ্ট গতি দিয়ে। কলাইহে জীৱনক পৰিপূৰ্ণ কৰি সম্পূৰ্ণ মানুহ কৰি গঢ়ি তুলিব পাৰে। এজন ভাল চিকিৎসকে যিমান মানুহক সু্স্থ কৰি তুলিব পাৰে, এজন ভাল সাহিত্যিকে তাতকৈ বহু হেজাৰ গুণ বেছি মানুহক সুখী কৰিব পাৰে।

Saturday, December 16, 2017

=মহাপ্ৰস্থানৰ পথেৰে= (বৌদ্ধিক বিচাৰ ই আলোচনীত প্ৰকাশিত)


 মহাভাৰত মোৰ সকলোতকৈ প্ৰিয় মহাকাব্য। ইয়াৰ কাহিনী যিমান শক্তিশালী, সিমানেই (যদি তাতকৈ বেছি নহয়) শক্তিশালী চৰিত্ৰ নিৰ্মাণ আৰু চয়ন। মহাভাৰতত সকলো চৰিত্ৰকে যথোপযুক্ত গুৰুত্ব দিয়া হৈছে,সৰু চৰিত্ৰ এটাকো প্ৰয়োজনীয় সন্মান আৰু সময় দিয়াত কৃপণালি কৰা নাই, প্ৰত্যেকটো সৰু সৰু কাহিনী বা চৰিত্ৰৰেই ভাল বেয়া দুইটা দিশ সফলতাৰে দেখুৱা হৈছে, পাঠকৰ নিজৰ বিচাৰৰ বাবে যথেষ্ট কিছু এৰি দিয়া হৈছে, এয়া হয়তো বহু আধুনিক উপন্যাসতো বিৰল। মহাভাৰত এখন ধৰ্মগ্ৰন্থতো হয়েই, কিন্তু এক সাহিত্য সত্ত্বা (Literary entity) হিচাপেও, মোৰ ব্যক্তিগত বিচাৰত, মহাভাৰতৰ স্থান সকলো পৌৰাণিক সাহিত্যৰ ভিতৰত সকলোতকৈ ওপৰত।

মহাভাৰতৰ মহাপ্ৰস্থান পৰ্ব মোৰ ব্যক্তিগতভাৱে প্ৰিয়তম। এই পৰ্বটোৱে সদায় মোক নিজৰ জীৱনটোৰ সৈতে মই কৰা বিচাৰ অবিচাৰ বিলাকৰ বিষয়ে আকো এবাৰ সুঁৱৰি চাবলৈ সকীয়াই দিয়ে। পাণ্ডৱ সকলে ধৰ্মযুদ্ধ কৰিলে, সেইটো তেওলোকৰ বৈষয়িক কৰ্তব্য আছিল, সততা আৰু সদিচ্ছাৰে কৰিলে, তাৰ বাবে তেওলোকে বহুতো প্ৰচলিত সামাজিক বান্ধোন বা সীমাও অতিক্ৰম কৰিলে। যুঁজত জিকিলে, নিজৰ প্ৰাপ্য বৈষয়িক অধিকাৰ সাব্যস্ত কৰিলে, তাৰ বাবে জীৱনজোৰা ত্যাগো কৰিলে। কিন্তু সকলো পোৱাৰ পাছত হেলাৰঙে সকলো ত্যাগ কৰি আন এক মহৎ অনন্দৰ সন্ধানত মহাপ্ৰস্থান কৰিলে। স্বৰ্গ ডাঙৰ কথা নহয়, কিন্তু স্বৰ্গাৰোহণৰ আকাংক্ষ্যা প্ৰয়োজনীয় বস্তু।

Thursday, December 14, 2017

কি শিকাম ছোৱালীক



ভণ্টী নাজমাই একেলগে দুটা সঁচা কাহিনী লিখিলে-বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাৰ কাহিনী। প্ৰথম কাহিনীত এটা আত্মীয় ল'ৰাই ছোৱালীজনীৰ ওপৰত যৌন অত্যাচাৰ চলালে। আনটো কাহিনীত পাঁচজন অচিনাকী অসম্পৰ্কীয় লৰাই, ছোৱালীজনীৰ আশংকাক মিছা প্ৰমাণিত কৰি তাইক সুন্দৰ ভাৱে অপ্যায়িত কৰিলে। এনে ব্যৱহাৰ কৰিলে যে শেষত তাই নিজৰ আশংকাৰ বাবে লজ্জানতহে হ'ল। সেই পাঁচজন বন্ধুৰ এজনক পোষ্টটোত টেগ কৰি হয়তো নাজমাই নিজৰ ভুল আশংকাৰ বাবে ক্ষমাও খুজিলে।

=অলগদ্ধ=(সাহিত্য ডট অৰ্গত প্ৰকাশিত)

 

চিটিবাছৰ পৰা নামি তাৰ সৰু ঘৰটোলৈ (ঘৰ শব্দটো উপযুক্ত হয় নে নহয় কোৱা টান, গতিকে সি সকলোকে ’ৰূম’ বুলিহে কয়) বিছ মিনিট মান খোজকাঢ়ি যাব লাগে৷ বাটটোত ষ্ট্ৰীট লাইট আছে যদিও প্ৰায়ে নজ্বলে, মাজে মাজে ধিমিক ধামাক কৰি থকাকেইটাই পথিকৰ চকুত অসুবিধাহে দিয়ে৷ তাতকৈ ঘোপমৰা এন্ধাৰ হৈ থকাই ভাল আছিল৷ ঠাইখিনি চহৰখনৰ একেবাৰে মাজমজিয়াতে যদিও, ঘৰবোৰৰ চাৰিওফালে থকা ওখ দেৱালবোৰৰ বাবে ঠাইখন নিসংগ জেইল এখনৰ দৰেই লাগে৷

আজি বতৰটো অলপ সেমেকা, লগতে কিবা এক ধূলি-বালিৰ অদ্ভুত আচ্ছাদন, ঘাম আৰু নিয়ৰ মিহলি এটা গোন্ধ৷ এই পৰিবেশটো কিন্তু তাৰ বাবে অচিনাকি নহয়, বৰঞ্চ সি এই অনুভূতিটোৰ সৈতে সহজহে হৈ পৰিছে৷

সি অফিচৰ বে’গটো কান্ধেৰে দি সুমুৱাই পিঠিৰ পিছফালে লৈ লয়৷ এখন হাত পেণ্টৰ জেপত ভৰাই, তলমূৰকৈ খোজকঢ়াটো আজিকালি তাৰ অভ্যাসেই হৈ গৈছে৷ বাটটোত কোনো জনপ্ৰাণী এটা নাই, ভতুৱা কুকুৰ এটা থাকিলেও অলপ প্ৰাণ আহিলহেঁতেন চাগে’৷ উজ্জ্বল হাইৱেটোৰ পৰা পাঁচ মিনিট খোজকাঢ়িলেই যে সদাব্যস্ত মহানগৰীখনৰ মাজ-বুকুতে এনেকুৱা নিৰ্জন-নিৰস ঠাই এটুকুৰা পোৱা যায়, সেই কথাটোৱে তাক আজিকালি আচৰিত কৰি নোতোলে, প্ৰাত্যহিকতা হৈ পৰিছে এইটো৷ যিদিনা সি প্ৰথমবাৰলৈ এই কথাটো উপলব্ধি কৰি মনে মনে আমোদ পাইছিল; সেই দিনটো আজি প্ৰায় বিশ বছৰ পুৰণা এক স্মৃতি হৈ পৰিছে৷
পেণ্টৰ পকেটত হাত ভৰাই সি চিগাৰেটৰ পেকেটটো এবাৰ চুই চায়৷ কেইটা আছে? মনে মনে হিচাপ কৰে, চাৰিটা থাকিব লাগে৷ কিন্তু চাৰিটাৰে হ’ব জানো? সি অলপ শংকিত হৈ পৰে৷ এইখিনিতে কোনো দোকানো নাই, আকৌ বহুদূৰ ঘূৰি যাব লাগিব!

আত্মা-নুসন্ধান

মানৱ সভ্যতাৰ আদিযুগৰে পৰা, কেতিয়াও মানুহৰ পিছ নেৰা এটা প্ৰশ্ন হ’ল- এই নিৰন্তৰ জন্ম মৃত্যুৰ ৰহস্য। ক’ৰ পৰা আহো আমি, কিয় আহো এই পৃথিৱীলৈ, মৃত্যু কি? কি আছে এই কুলিকাময় মৃত্যুৰ সিপাৰে? সঁচাকে কৰবাত আছেনে স্বৰ্গ, আছেনে নৰক? মৃত্যুৰ পাছত আমি আমাৰ পাপ খণ্ডাবলৈ সঁচাকৈয়ে বাৰে বাৰে বিভিন্ন ৰূপত ঘুৰি আহোনেকি? ইত্যাদি ইত্যদি। আৰু মানুহে জনা হোৱাৰ পৰাই এই প্ৰশ্নৰ উত্তৰ বিছাৰি আহিছে। কোনোবাই শাস্ত্ৰ পঢ়িছে, ধ্যান-তপস্যা কৰিছে, কোনোবাই বৈজ্ঞানিক উপায়েৰে পৰীক্ষা নিৰীক্ষা কৰিছে। পিছে কোনেও একেবাৰে খাটাংকৈ কথাটো কৈ দিব পৰা নাই। মানে আজিলৈকে ।
এতিয়া আচল কথালে আহোঁ- এই ফ্লেটৰ প্ৰিমিয়াম, গাড়ীৰ চাৰ্ভিচিং, খুলশালীৰ বিয়া, গেচৰ চিলিণ্ডাৰ, ফোনৰ বিল, ল’ৰা –ছোৱালীৰ হ’মৱৰ্ক, অফিচৰ চাহ-আড্ডা ইত্যাদিৰ মাজে মাজে অমুকাৰ মনলেও এই প্ৰশ্নটো নহা নহয়। পিছে শাস্ত্ৰ পঢ়িবলৈয়ো সময় নাই, বৈজ্ঞানিক পৰীক্ষাও কৰিব নোৱাৰোঁ, গতিকে একেবাৰে সহজ উপায়টো হ’ল কোনোবা জনা মানুহক সুধি লোৱা । আৰু এই জ্ঞানগুৰুক বিছাৰিয়ে মই কিছুবছৰৰ আগৰ পৰা ভিতৰে ভিতৰে ৰিচাৰ্চ কৰি আছিলো। বহু লাঞ্ছনা- গঞ্জনা, ঠগ ফাকিবাজী সহি সহি শেষত মই গম পালোগৈ যে, আত্মাৰ বিষয়ে সকলোতকৈ ভালকৈ জানে – হৰ’ৰ চিনেমা বনোৱা সকলে। বি‍শেষকৈ হিন্দী চিনেমা।

জলবিদ্যুৎ আৰু পৰিবেশ সম্পৰ্কে এটা নতুন অভিজ্ঞতা

২০১৫ চনত টাৱাঙলৈ গৈছিলো, অফিচৰ কামত। উত্তৰপূৱৰ বিদ্যুৎ ব্যৱস্থাটোৰ লগত জড়িত সকলো সংস্থাৰে এখন মাহেকীয়া মীটিং হয়, তাত কাৰিকৰী আৰু ব্যৱসায়ৰ একেবাৰে ব্যৱহাৰিক সিদ্ধান্ত বিলাক লোৱা হয়, সেই সমিতিখনক Operation Co-ordination Committee বা OCC বুলি কোৱা হয়। সেইবাৰ মীটিংখন আয়োজন কৰিছিল অৰুণাচল প্ৰদেশৰ ডিপাৰ্টমেণ্ট অৱ পাৱাৰে। 
প্ৰথমদিনা গৈ আমি ডিৰাঙত থাকিব লগা হ’ল। বহুতে হয়তো নেজানে বমডিলালৈ মাত্ৰ এটা পাৱাৰ লাইন আছে, সেইটো বেয়া হ’লে সকলো অন্ধকাৰ। টাৱাঙত বিদ্যুৎ যোগানৰ বাবে মাত্ৰ এটা আইচ’লেটেড মাইক্ৰ হাইডেল আছে,(নুৰানাং পাৱাৰ হাউচ) তাৰে নোজোৰে, ৫ মেগাৱাট পাৱাৰ লাগে, উৎপাদন হয় ২ মেগাৱাট। আৰু বাহিৰৰ পৰা পাৱাৰ নিবলৈ টাৱাঙলৈ কোনো লাইনো নাই। মাহ মাহ ধৰি তাত বিদ্যুৎ যোগান ব্যাহত হৈ থাকে। মুঠতে সেই অঞ্চলটোত বিদ্যুৎ যোগানৰ ব্যৱস্থা অতি শোচনীয়। সেই বাবেই তাত মিটীংখন পতাৰ সিদ্ধান্ত লোৱা হৈছিল।
ডিৰাঙতো সেইদিনা লাইন নাছিল, জেনেৰেটৰ চলাই যেনে তেনে কাম চলোৱা হৈছিল।
আমি থকা হোটেলখনতে এসোপা বিদেশী মানুহ আছিল, সকলো বয়সীয়া। তেওলোকে মটৰ চাইকেল চলাই আহিছিল, কমেও ২০ জন মানুহ। তাকে দেখি মোৰ তেওলোকৰ লগত চিনাকী হবলৈ মন গ’ল। কিন্তু নিজে আগবাঢ়ি যোৱা অসুবিধা, বগা ছালৰ মানুহবোৰ ভাৰতলৈ আহিলে হয়তো তেওলোকক দেশতে কৈ পঠাই- উপযাচি চিনাকী হবলৈ বা বন্ধুত্ব কৰিবলৈ অহা মানুহৰ পৰা সাৱধানে থাকিবি। নিজে আগবাঢ়িলে তেওলোকৰ পৰা ভাল ব্যৱহাৰ পোৱাৰ আশা কম। গতিকে মনে মনে থাকিলো। দুই এজনে সুৰাৰ ৰাগীত অৱশ্যে হাই হেল্ল বুলি নোকোৱা নহয়।

=দ মেট্ৰিক্স = চেপ্টেম্বৰ সংখ্যা ফটাঢোল ই আলোচনীত প্ৰকাশিত

“চেহ! দহ বাজিবৰ হ’ল দেখোন”
নৰহৰি কলিতাই চকু মেলিয়ে ঘড়ীটোৰ ফালে চালে৷ কালি ৰাতি শুবলৈ যাওঁতে বহুত পলম হ’লগৈ৷ স্বাধীন কলিতা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে কালি তেখেতে শপত গ্ৰহণ কৰিছেহে- লগে লগে ইমান কাম আহি পৰিব বুলি তেওঁ ভবাই নাছিল৷ যি কি নহওক, কামবোৰ সুকলমে হৈ যাব যেন লাগিছে৷ এক ধৰণৰ প্ৰশান্তিও অনুভৱ কৰিলে কলিতাই৷
এতিয়া বিশেষ কাম নাই হাতত; চাহৰ কাপটো হাতত লৈ, বাৰাণ্ডাত বহি তেখেতে চুবুৰীয়া গগৈৰ ঘৰৰ ফালে এবাৰ চালে৷ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ কাম সম্পূৰ্ণ হোৱালৈকে কলিতাই নিজৰ ঘৰৰ পৰাই কাম কাজ চলাব বুলি ঠিক কৰিছে৷ গগৈ আৰু কলিতাৰ ঘৰদুখনৰ অতীজৰে পৰা ৰাহি জোৰা নাহে৷ পিছে স্বাধীন ৰাজ্য হোৱাৰ পিছতো বোপা ককাৰ মাটি নেৰো বুলি গগৈয়ে নিজৰ ৰাজ্যলৈ নেযাওঁ বুলি থিৰাং কৰিলে,

=খেতিৰ দিহা = আগষ্ট সংখ্যা ফটাঢোল ই আলোচনীত প্ৰকাশিত

অসমৰ কৃষি ক্ষেত্ৰখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কৃষক ৰাইজে তেজক পানী কৰি শ্ৰম কৰে কিন্তু উৎপাদনৰ উচিত মূল্য নেপায়। কিন্তু আমি অলপ চেষ্টা কৰিলেই এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰো। এই ৰচনাত কৃষক ৰাইজৰ সহায়ৰ অৰ্থে কেইবিধ মান জনপ্ৰিয় শস্যৰ খেতিৰ সমস্যা বিলাক, তাৰ সমাধানৰ উপায় আৰু সামগ্ৰিক ভাৱে কৃষি পদ্ধতিটোৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হব বুলি আশা কৰিব পাৰি।
 
ধান খেতি:- যিহেতু ধানেই অসমৰ প্ৰধান কৃষিজাত উৎপাদন, গতিকে ধানৰ খেতিৰ ওপৰত এই ৰচনাত বি‍‍শেষ গুৰুত্ব দিয়া হৈছে। ধানৰ খেতি প্ৰায় সকলো কৃষকেই কৰে, আৰু ধান খেতিৰ উৎপাদনে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সুদুৰ প্ৰসাৰী প্ৰভাব পেলায়। ধানখেতিৰ আৰম্ভৰ পৰা মানে প্ৰথম আওচটো মৰাৰ পৰা ধান ৰুই -দাই, মিলত খুন্দাই, ৰান্ধি মাছে মঙহে খোৱালৈকে, বিভিন্ন পৰ্যায়ত নানান সমস্যাই কৃষক ৰাইজক অসুবিধাত পেলায়। এই সমস্যাবিলাক উল্লেখ কৰাৰ লগতে ইয়াৰ সমাধানৰ উপায়সমূহ তলত দিয়া হৈছে। ধানখেতিৰ সময়ত কৃষকে সন্মুখীন হোৱা কেইটিমান সমস্যা হ’ল এনেধৰণৰ,
 
সীমা ঠেলাঃ- এইটো এক জটিল সমস্যা। কৃষক এজনে হাল-কোৰ লৈ পথাৰ পায়গৈ মানে কাষৰীয়া জনে হাল বাই আলি তুলি শেষেই কৰে। আৰু সাধাৰণতে এই আলিবোৰ নিজৰ মাটিৰ ফালে ছয় ইঞ্চিমান খহাই, কাষৰ জনৰ ফালে সিমান মাটি জাপি দি বন্ধা হয়। থপথপীয়া বোকাৰে ভৰা আলিটোৰ আচল অৱস্থান জনা প্ৰায় অসম্ভৱ হৈ পৰে। যিজনেই প্ৰথম আলি বান্ধে, তেও এইদৰে সীমা ঠেলাতো প্ৰায় নিয়মেই বুলিব পাৰি।
 

=মোৰ পিন্ধিবলৈ একোৱেই নাই= Original Rashmi Trivedi

Woman everything will be fine ৰ লেখিকা ৰশ্মি ত্ৰিৱেদীৰ “I HAVE NOTHING TO WEAR” ৰ কবিতাটো প্ৰতিভূদাৰ ৱালত পোৱাদিনাৰে পৰা অসমীয়াকৰণ কৰাৰ ধাণ্ডাটো মুৰলৈ আহি আছিল। অসমীয়াকৰণ, মানে একেবাৰে সঠিক অনুবাদ বুলি নহয়, মূল ভাৱটো আৰু কথা খিনি বজাই ৰাখি অলপ স্বাধীনতা লোৱা হৈছে। পঢ়ি ৰাইজৰ (বিশেষকৈ ...এহেম এহেম?) মুৰ গৰম হ'লেই শ্ৰম সাৰ্থক হোৱা বুলি ধৰিম।

=মোৰ পিন্ধিবলৈ একোৱেই নাই=

বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ,
পিছে শ্বপিং যে কৰাই নহল, এতিয়া কি কৰো মই?
আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই;
হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই।
ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছু’টজোৰ পৰিল মাটিত,
আকৌ হেঁচি ভৰাই থলো, নধৰিছে আৰু আলমাৰিত,
এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই
মাই গ’ড! মোৰ যে আজি পিন্ধিবলৈ একো নাই।
যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব;

=কৰ্তব্যনিষ্ঠা=



একাংকিকা নাট


(পট খোল খোৱাৰ লগে লগে দেখা যাব এটা সুদৃশ্য কাৰ্যালয়, বেৰত মহাত্মা গান্ধী আৰু আন কেইবাজনো নেতাৰ ফটো ওলমি থাকিব। প্ৰকাণ্ড অফিচ টেবুলখনৰ সিপাৰে এজন ব্যক্তি। তেওক দেখিয়েই গম পোৱা যাব তেও এজন প্ৰভাৱশালী মন্ত্ৰী, চুলি তেল লগাই পৰিপাটিকৈ ফনিওৱা, গাত জহৰ কোট। টেবুলখনৰ ইটো পাৰে কেইবাখনো গেষ্ট চেয়াৰ। সকলো আচবাবেই মূল্যবান। টেবুলত কেইটামান ফাইল থাকিব। দুটামান মোবাইল ফোনো থাকিব। মন্ত্ৰীজনে ফাইলত চহী কৰি থাকিব। তেনেতে চাপ্ৰাছীৰ পোচাক পিন্ধা মানুহ এজন সোমাই আহি মন্ত্ৰীৰ কাণে কাণে কিবা এটা কব। মন্ত্ৰীয়ে মুৰ দুপিয়াই ফাইল সামৰিব, আৰু চকুৰে ইংগিত কৰিব। ছাপ্ৰাছী আকৌ ওলাই যাব। কিছুসময় এটা নাটকীয় বিৰতি। ৱিংছৰ কাষত আগন্তুকক দেখা যাব। মানুহজন দেখিলেই উকীল যেন লাগে। অৱশ্যে কাপোৰ কানিত বৰ বেছি গুৰুত্ব নিদিয়ে তেও, চকুত ষ্টীলৰ ফ্ৰেমৰ চচমা, গাত জধলাকৈ কোট এটা। তেওৰ কথাত অলপ অনা-অসমীয়া টন এটা থাকিব। স, , চ আদি কওতে উচ্চাৰণৰ সমস্যাবিলাক শুনা যাব। তথাপি মানুহজনে ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰি শুদ্ধ অসমীয়া কবলৈ আপ্ৰাণ চেষ্টা কৰিছে বুলি ধৰিব পাৰিব লাগিব।সিদ্ধাৰ্থশব্দটো কওতে চিদ-দাৰ-থুবুলি কোৱা যেন লাগিব লাগিব।
আগন্তুক : (মুখত মোলায়ম হাঁহি এটা লৈ)- মেআই কাম ইন চাৰ?

==ফচং==




ফচং পঢ়িলো। তাৰে দুই এটা কাহিনী আগতে পঢ়িছো, গতিকে লাহে লাহে পঢ়িম বুলি থৈ দিছিলো। পিছে ভয় কৰাতোৱেই হ, একেবহাতে পঢ়ি শেষ কৰিব লগা হল।
অসমীয়াত শিশুৰ উপযোগী কিতাপৰ সংখ্যা একেবাৰে কম, মোৰ ছোৱালীজনীৰ মনযোগোৱা অসমীয়া কিতাপ বিছাৰি মই আজিও হাহাকাৰ কৰি ফুৰিছো। তাৰ মাজতে ফচঙে এটা সুন্দৰ ব্যতিক্ৰম লৈ আহিছে।
মোৰ হিচাপত ফচঙৰ কেইটামান উল্লেখযোগ্য দিশ এনেধৰণৰ,

১। মাধুৰিমা ঘৰফলীয়াৰ কলমত অসমৰ গ্ৰাম্য পৰিবেশৰ অনন্য বৰ্ণনা। এইটো কথাটো মোৰ সদায় প্ৰিয়। তেওৰ ভাষা, পৰিবেশৰ বৰ্ণনা, কাহিনীৰ গতি সকলোতে বৰ্তমান হেৰাই যাবলৈ ওলোৱা অসমৰ গাঁৱলীয়া পৰিবেশটো জীৱন্ত হৈ উঠে। আজিকালিৰ লৰা-ছোৱালীয়ে হয়তো সেই পৰিবেশ কমেই দেখিছে। মূলতঃ শিশু গ্ৰন্থ হলেও ডাঙৰ সকলেও ফচং পঢ়ি এক নষ্টালিজিকভ্ৰমণ কৰি আহিবগৈ সেয়া নিশ্চিত। আশাকৰো লেখিকাই এই বিশেষত্ব সদায় বজাই ৰখাত গুৰুত্ব দিব।

==হেৰি প’টাৰ আৰু মধুবালা==




সৰুৰে পৰা ফেণ্টাছী জাতীয় বস্তুবোৰে মোক বৰ আকৰ্ষণ কৰে।হয়তো জোখতকৈ অলপ বেছিকৈয়ে কৰে। অন্তৰংগ বহুতে কয় মই হেনো মোতামোতি ফেণ্টাছী ৱৰ্ল্ডতে বাস কৰোঁ। হয়ো, বাস্তৱ জীৱনটোত মোৰ পাৰফৰ্মেন্স বৰ এটা সন্তোষজনক নহয়।সকলো দিশতে টানি আজুৰি কাণে কাণ মাৰি চলি থকা ধৰণৰহে। মোক দূৰৰ পৰা দেখা সকলৰ বাবে এইখিনি কথা অত্যুক্তি যেন লাগিব পাৰে, কিন্তু মোক ওচৰৰ পৰা জনা সকলে জানে। মোক কয়ো- অলপ এইখন পৃথিৱীলে নাম! কিমান বেহুচ হৈ উৰি ফুৰিবি আৰু। মোৰ সিদ্ধান্ত বা কাৰ্যপন্থাবিলাকতো ফেণ্টাছীয়ে গভীৰ প্ৰভাৱ পেলায়। ইণ্টাৰ ডিভিজন টেনিছ বল ক্ৰিকেট মেটচ এখন খেলাৰ আগনিশাও মোৰ ভালকৈ টোপনি নাহে, কোনটো বল কেনেকে মাৰিম, কোনফালে চিক্স মাৰিব পাৰিম, কেনেধৰণৰ বলত ৰিস্ক নলও, কোনজন ফিল্ডাৰৰ ফালে ওপৰলে উঠাই মাৰিব নোৱাৰি- সকলো কথা ভাৱি ভাৱি ফুল টেনচনত ৰাতিটো কটাও। মোৰ যুক্তি হল শচীন তেণ্ডুলকাৰেও বোলে টেষ্ট মেটছৰ আগদিনা শুব নোৱাৰে, গতিকে মই কিয় শুম? ফেণ্টাছী ৱৰ্ল্ডত মই নিজকে তেণ্ডুলকাৰৰ ৰূপত কল্পনা কৰি সিফালে ৱাৰ্ণ, মেকগ্ৰা, গিলেপ্সিৰ বলত চেন্সুৰি মৰাৰ পূৰ্ণ পৰিকল্পনা কৰি লও।পিছদিনা যিয়েই নহওক, ফিল্ডত থকা সময়খিনি নিজকে তেণ্ডুলকাৰ (ছেহৱাগ বুলিলে আৰু উপযুক্ত হব) বুলিয়েই ভাৱি থাকো। আৰু তেণ্ডুলকাৰোতো বহুবাৰ শূন্যত আউট হৈছে। মই যেনিবা প্ৰায়ে হও, তাতে কি হ? কিন্ত হঠাৎ কেতিয়াবা আশাকৰাতকৈ বেছি সফলতা পাই যাও- মানে মোৰ নিজৰ লেভেলত(তেণ্ডুলকাৰৰ লেভেলত নহয়)। তিনিটা চিক্স মাৰি খেল জিকাই দিও, পেনাল্টী শ্বুট আউটত বিপক্ষৰ পাঁচটাৰ ভিতৰত তিনিটা শ্বটেই বচাই দিও। আৰু মোক কোনে পায়, ফেণ্টাছী বাস্তৱায়িত হোৱাৰ সুখত মোৰ দুই তিনিটা বছৰ আৰামত কাটি যায়।