Tuesday, March 20, 2012

ফেচবুকৰ ধেমালি ধেমালি গোটৰ সদস্য কেইজনমানক লৈ লিখা কেইটামান লিমাৰিক

ৰসৰ বোলে মহাসাগৰ গগৈ ৰসানন্দ,
বত্ৰিছীয়া হাঁহি মাৰে মনত মহানন্দ;
ধেমালি কৰে, গান গায়,
লেং মাৰি ভাল পায়;
কাৰো লগত বোলে তেওৰ নাই কোনো দন্দ|


ডিবুৰুগড়ৰ পল্লবী বৰা কামত বৰ খৰ,
মিনিটতে ভাত ৰান্ধে, পলকত মোচে ঘৰ;
জাবৰ যোথৰ এসোপা সিজাই,
গামলা এটাত বাঢ়ি উলিয়াই
‘ফেচবুক’ কৰিবলে সৌৱা মাৰিলে লৰ |


তিনি ঠাইৰ মিক্সাৰ অঞ্জনা তামুলীৰ কালচাৰ,
যত বোলে জন্মিছিলে নাই তাত এটাও ভালচাৰ;
বুঢ়ী বুলি নিজকে কয়,
লিপস্টিক কিন্তু থিকেই লয়;
চান্স পালেই মাৰি দিয়ে মস্ত এটা  লেকচাৰ|


খৰচি মাৰি পঢ়া ল’ৰা আমাৰ এই মনজিত,
কনচেপ্ট ক্লিয়েৰ নোহোৱালৈকে একে শ্ৰেণীতে দিয়ে থিত ;
চেহেৰা পাতি মৰমলগা,
কথাবতৰাও ধেমেলীয়া;
দুখ লাগিলে গছত উঠি, গাই হেনো বিৰহ- গীত |


জিতু কুমাৰ ডেকাৰ হ’ল  নগাঁৱত ঘৰ,
পাহাৰত গৈ উঠি আছেগৈ (ইয়াত ) গৰম পালে বৰ;
সাপ ভেকুলী একো নেৰে,
ঘুটুং পানী অকন পালে;
খোৱাত বোলে কেতিয়াও, কৰিব নেপায় ভিন পৰ |


কমেন্ট দিয়াত অতি পাকৈত শ্ৰীবিষ্ণু শইকীয়া,
তেওৰো আছে  ইমান গূণ, কৈ অন্ত নাইকিয়া;
কন্ত্ৰভাৰ্চিৰ পৰা দুৰত থাকে,
পিঠিখন সদায় বছাই ৰাখে;
চান্স পালে তেঁৱো বোলে টেস্ট কৰিব নাইপীয়া|

প্ৰতীমৰ প্ৰতাপত ধেমালি-ধেমালি হাহাকাৰ,
ফ’ট’, পস্ট , কমেন্ট চব কৰি দিছে একাকাৰ,
চাকৰিৰ নামত ফেচবুক কৰে,
দৰমহা হলে এপইচাও নেৰে;
প্ৰমান হেনো কৰিহে এৰিব পৃথিবী যে গোলাকাৰ|


দিগন্ত শইকীয়া লোকজন জেলেপীৰ দৰে চিধা,
স্বভাব চৰিত্ৰ যেনেই নহওক মূখখন বৰ মিঠা;
কয় এটা, কৰে আন এটা,
নহয় তাৰ অন্যথা;
কাম হওক বা নহওক, (তেঁও) পাব লাগিব সিধা;


শুণিছেনে কেতিয়াবা মিতালী বাইদেউৰ গান,
ভৰ্তা বনাই খাই লয় সুৰ, তাল, মান;
তামোল এখন মুখত ভৰাই,
হাৰমনিয়ামত আঙুলি বুলাই;
গান শুনি জ্বলি যায় পথাৰৰ পকা ধান|


ইভা শইকীয়া বাইদেউৰ উঠিল বৰ জ্বৰ,
দৰবেও কাম নকৰে এতিয়া কি কৰ কৰ;
ডাক্তৰে  নেপায় আঁত,
কথাৰ গুৰি কৰবাত;
ন হেজাৰটকীয়া শাৰী দেখুৱাবলে আহিছিল মিচেচ ধৰ;


পংকজ কলিতা ঐ কি অংক কৰিলা?
পেটতো কেনেকে ভৰাব লাগিল তাকেহে চিন্তিলা;
লুপিনৰ চাকৰি লৈ,
শিলচৰ পালাগৈ;
জ্যোতি-বিষ্ণুৰ গাঁৱৰ লৰা,(পিছে) ভোটটি ছুব্বাকহে দিলা|'


সদায় চিত মন আনন্দত ভৰা, 
সেয়েহে নাম তেওৰ চিদানন্দ বৰা; 
উজান বজাৰৰ গ্ৰাছ কাৰ্প, 
খাই কৰে মগজ শ্বাৰ্প, 
গণি শেষ কৰিবলৈ আকাশৰ তৰা।

ফটাঢোলৰ সমজুৱা বাইদেউ প্ৰণীতা, 
তেখেতৰ কথা বৰ্ণাবলৈ নেলাগে কোনো ভণিতা, 
মিঠা মাতেৰে কামোৰ মৰা, 
অভ্যাস তেওৰ সৰুৰে পৰা, 
ভিনিৰ ওপৰত খং উঠিলে লিখে প্ৰেমৰ কবিতা।

চিৰিমতী মুচাংজ বৰ্ণালী আম্ফি মান্তা, 
কিছ খেত কা মুলী হেঁ কই নেহি জানতা;
পূৱা গধূলি জিমত যায়,
এপোৱা গাহৰি নিতৌ খাই,
বডি বিল্ডিং কৰি হেনো থব গাভীয়া তিনটা।

এডভেন্সাৰ সাহিত্যৰ মহাৰজা কাকতি হেমন্ত, 
শুই শুয়েই লিখি দিয়ে আমেৰিকা ভ্ৰমণ জীৱন্ত,
বাঁহ খুন্দি কাগজ বনাই, 
ডোনাল্ড ট্ৰাম্পক টুপী পিন্ধাই, 
ডাড়ি চুলি পকি গ'লেও মনত চিৰ বসন্ত।

উৎপলা কৌৰৰ ইলাকা উজান বজাৰ লতাশিল,
ডন হলেও তেখেতৰ আছে হেনো 'বড়া দিল', 
মাছ, পাচলি, চিণ্ডিকেট, 
সকলোতে ২ পাৰচেণ্ট,
লাইট, পানী, টেলিফোন, একোৰে নিদিয়ে বিল।

কত জানো লুকাই আছিল দিগন্ত বৰুৱা, 
পোষ্ট দিলে লাইক কমেণ্ট যেন চেনীত পৰুৱা, 
মানুহজনীলেহে অলপ শংকা, 
বাকী সকলোতে ৰণ ডংকা, 
ঘৰ সংসাৰ পাহৰি যায়, পালে সাঁজকণ ঘৰুৱা।


বন্দিতাক বন্দনা কৰি বিজয়ে পাতিলে সংসাৰ, 
মৰম চেনেহ প্ৰেম পিৰিতী দুয়ুৰে মাজত ধাৰাসাৰ;
টেনচন মাথোন এটাই, 
ভাবিলেই পিলাই চমকি যায়, 
ফেচবুক পাছৱৰ্ড বন্দিতাই পালে, বিজয় হব চাৰাখাৰ।




লিমাৰিক লিখিবলে কলিতাৰ বৰ মন,
চেপি খুন্দি শেষ কৰিলে মগজুৰ ৰসকন;
কি হলগে' বা এইটো ?
লিমাৰিক নে জন্তু;
দায় দোষ নধৰিবা হে ধেমেলিয়া গন |

No comments:

Post a Comment